ইনষ্টাগ্ৰামত কিং কোহলিৰ অনুগামীৰ সংখ্যা ১০ কোটি অতিক্ৰম কৰিলে

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি সোমবাৰে ১০০ নিযুত ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ ত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় । তাৰ লগতে সোঁঁহতীয়া বেটছমেনজন ১০০ নিযুত ফলোৱাৰ্ছ অতিক্ৰম কৰা ক্ৰিকেট জগতৰ প্ৰথমজন ক্ৰিকেট খেলুৱৈ । ইয়াৰ আগতে ক্ৰিষ্টিয়ানো ৰোনাল্ডো , লিঅ’নেল মেছি আৰু নেইমাৰ জুনিয়ৰে এই লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল । এতিয়া বিৰাট কোহলি হৈ পৰিছে বিশ্বৰ খেল জগতৰ চতুৰ্থ জন ১০০ নিযুত ফলোৱাৰ্ছ অতিক্ৰম কৰা খেলুৱৈ । এই সফলতাৰ বাবে International Cricket Council (ICC) এ এটা অভিজাত ক্লাৱত বিৰাট কোহলিক অভিনন্দন জনায় ।
বিৰাট কোহলি এতিয়া ১০০ নিযুত ফলোৱাৰ্ছ অতিক্ৰম কৰা প্ৰথমজন এছিয়ান ৷