Local, Vocal, Global

অৰুণাচলৰ টাৱাঙত ভাৰত-চীনা সৈন্যৰ ভয়াবহ সংঘৰ্ষ, আহত সৈনিকক গুৱাহাটীত চিকিৎসা

এইবাৰ অৰুণাচলত ৰঙা চীনৰ সেনা আৰু ভাৰতীয় সেনা সংঘাতত লিপ্ত হৈছে৷ অৰুণাচল প্ৰদেশত ভাৰত আৰু চীনৰ সৈনিকৰ মাজত লগা সংঘৰ্ষত কেইবাগৰাকী সেনা জোৱান আহ হয়। সংঘৰ্ষত চীনৰো সৈনিক আহত হোৱাৰ খবৰ পোৱা গৈছে। সংঘৰ্ষ ৯ ডিচেম্বৰত টাৱাঙত সংঘটিত হৈছিল। এই সময়ছোৱাত ভাৰতীয় সৈন্যসকলে চীনক উপযুক্ত প্ৰত্যুত্তৰ দিয়ে। সংঘৰ্ষত ২০ জনতকৈও অধিক চীনা সৈনিক আহত হৈছে। পূৰ্বে ২০২১ চনৰ অক্টোবৰ মাহত অৰুণাচল প্ৰদেশৰ য়াংছেত দুয়োখন দেশৰ সৈনিকৰ মাজত বিবাদ হৈছিল।

উচ্চ পদস্থ সেনা সূত্ৰই কয় যে ২০২২ চনৰ ৯ ডিচেম্বৰত টাৱাং খণ্ডৰ এলএচিৰ ওচৰত পিএলএ সৈন্যৰ সৈতে সংঘৰ্ষ হয়। আমাৰ সৈন্যসকলে উপযুক্ত যুঁজ দিছিল। এই মুখামুখি যুঁজত দুয়োপক্ষৰ কিছু সৈনিক আঘাতপ্ৰাপ্ত হৈছে। সংবাদ সংস্থা পিটিআইৰ সূত্ৰ অনুসৰি চিকিৎসাৰ বাবে ৬ জন সৈনিকক গুৱাহাটীলৈ অনা হৈছে।

এই সংঘৰ্ষত কিছু ভাৰতীয় সৈনিক আহত হৈছে। প্ৰায় ২০ জন চীনা সৈন্য আহত হৈছে। অৱশ্যে, ভাৰতৰ কোনো সৈনিক গুৰুতৰ নহয়। এই সংঘৰ্ষৰ পিছত ভাৰতীয় কমাণ্ডাৰসকলে শান্তৰ পৰিবেশ বাহাল কৰিবৰ বাবে চীনা কমাণ্ডাৰসকলৰ সৈতে পতাকা পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। যাৰ পিছত দুয়োখন দেশৰ সৈনিকে পিছুৱাই গৈছিল।

সংবাদ সংস্থা এএনআইৰ মতে ভাৰতীয় সৈন্যসকলে টাৱাঙত মুখামুখি হোৱাৰ সময়ত চীনা সৈন্যসকলক উপযুক্ত প্ৰত্যুত্তৰ দিছিল। আহত চীনা সৈনিকৰ সংখ্যা ভাৰতীয় সৈন্যতকৈ বেছি। চীনাৰ প্ৰায় ৩০০ সৈনিকৰ সৈতে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আহিছিল৷ কিন্তু ভাৰতীয় সৈন্যও সাজু আছিল। চীনে ভাৰতীয় সৈন্যসকল সাজু হ’ব বুলি আশা কৰা নাছিল।

২০২০ চনৰ ১৫ জুনৰ ঘটনাৰ পিছত এইটো এনে ধৰণৰ প্ৰথম ঘটনা। সেই সময়ত লাডাখৰ গালৱান ঘাটিত চীনা সৈন্যৰ সৈতে হোৱা এক হিংসাত্মক সংঘৰ্ষত ২০ জন ভাৰতীয় সৈন্য নিহত হয় আৰু আন আহত হয়। এই সংঘৰ্ষত বহুতো চীনা সৈন্যও নিহত হৈছিল বুলি দাবী কৰা হয়।

অৰুণাচল প্ৰদেশৰ টাৱাং খণ্ডৰ এল.এ.চিৰ কাষৰ কিছু এলেকাত দুয়োপক্ষই তেওঁলোকৰ দাবীৰ পৰিমাণলৈকে অঞ্চলটোত টহল দিয়ে। ২০০৬ চনৰ পৰা এই প্ৰৱণতা হৈ আহিছে। ভাৰতীয় আৰু চীনা সৈন্যসকলে প্ৰায়ে অঞ্চলটোত টহল দিয়াৰ সময়ত মুখামুখি হয়।

অৰুণাচল প্ৰদেশৰ এই অঞ্চলত ভাৰত আৰু চীনা সৈন্য মুখামুখি হোৱাৰ এয়াই প্ৰথমবাৰ নহয়। ২০২১ চনৰ অক্টোবৰ মাহত একেধৰণৰ ঘটনা সংঘটিত হৈছিল৷ যেতিয়া ইয়াংজিত কিছু চীনা সৈন্যক ভাৰতীয় সৈন্যই কেইঘণ্টামানৰ বাবে আবদ্ধ কৰিছিল।