Local, Vocal, Global

অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ মধুপুৰ সত্ৰ পৰিদৰ্শন

দিশপুৰ, ১৭ জানুৱাৰীঃ অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাই যোৱা দেওবাৰে মধুপুৰ সত্ৰ পৰিদৰ্শন কৰে। মুখ্য সচিবগৰাকীয়ে সত্ৰত সেৱা জনাই সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ ঘৰত প্ৰসাদ গ্ৰহণ কৰে আৰু সত্ৰখনৰ বিভিন্ন সমস্যাৰ বুজ লয়। সত্ৰাধিকাৰজনে মধুপুৰ সত্ৰৰ বৰ্তমানৰ সম্পত্তি সংৰক্ষণ, সত্ৰৰ ওপৰৰে যোৱা হাইভল্টেজ লাইন আঁতৰ কৰা, নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰা, পকী বেৰ নিৰ্মাণ কৰা, সত্ৰৰ অতিথিশালা নিৰ্মাণ কৰা আৰু ইত্যাদি বিভিন্ন সমস্যাৰ বিষয়ে মৌখিকভাৱে জনোৱাৰ লগতে লিখিতৰূপেও মুখ্য সচিবগৰাকীৰ হাতত অৰ্পণ কৰে।
               উল্লেখ্য যে, কোচবিহাৰ-২ ব্লকত অৱস্থিত মধুপুৰ সত্ৰ অঞ্চলটোৰ এক অন্যতম তীৰ্থস্থান আৰু পৰ্যটনস্থল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুগামী তথা বৈঞ্চৱ ধৰ্মৰ লোকসকলৰ পবিত্ৰ তীৰ্থস্থান মধুপুৰ সত্ৰত প্ৰতিবছৰে বহু পৰ্যটকে দৰ্শন কৰে। সত্ৰাধিকাৰ গৰাকীয়ে ক’ভিড-১৯ মহামাৰীৰ ফলত সত্ৰখনত দেখা দিয়া বিভিন্ন আৰ্থিক সমস্যাৰ বিষয়েও মুখ্য সচিবগৰাকীক অৱগত কৰে। মুখ্য সচিব জিষ্ণু বৰুৱাই পশ্চিমবংগ চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ সৈতে আলোচনা কৰি শীঘ্ৰে সত্ৰখনৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি কয়। এই পৰিদৰ্শনৰ সময়ত তেখেতৰ সৈতে বিলাসীপাৰা আৰু গোসাইগাঁৱৰ মহকুমাধিপতিৰ লগতে কেইবাগৰাকী বিষয়া উপস্থিত থাকে।

ReplyForward