Local, Vocal, Global

ৰানৱেৰ পৰা বিমান উৰিছিলহে মাত্ৰ এজন যাত্ৰীয়ে চিঞৰিলে কোভিড পজিটিভ বুলি…

দিল্লী বিমান বন্দৰত পুনে অভিমুখী Indigo বিমান এখনত কোভিড-19এ আতংকৰ সৃষ্টি কৰে । বিমানখনত থকা যাত্ৰী এজনে বিমান খন ভৰ্তি হৈ উৰণৰ আৰম্ভণিতে তেওঁ কোভিড পজিটিভ বুলি অৱগত কৰে । তাৰ ঠিক পিছতেই বিমানখনৰ অইন যাত্ৰীৰ লগতে বিমানচালক(Pilot) আৰু বিমানসেৱক- সেৱীকা(Air hostess) সকল হতভম্ব হৈ পৰে । আৰু বিমানখন লগে লগে ৰানৱেৰ পৰা ঘূৰাই আনিবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে বিমানখন ঘূৰাই আনিয়েই কোভিড পজিটিভ ৰোগী গৰাকীক নিয়ম অনুসৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । তাৰোপৰি বিমানবিষয়া গৰাকীয়ে ইয়াকো জনায় যে এই আকস্মিক ঘটনাটোৰ বাবে বিমানখন প্ৰায় দুঘণ্টা ধৰি পলম হয় ।