Website Design: dastechnologies.in
গুজৰাটত সমাগত ৰাজ্যসভাৰ খালি হৈ থকা ৪ খন আসনৰ বাবে নিৰ্বাচন। কিন্তু তাৰ প্ৰাকমুহূৰ্তত দুজনকৈ কংগ্ৰেছী বিধায়কৰ দল ত্যাগক কেন্দ্ৰ কৰি সংকটত পৰিছে কংগ্ৰেছ শিবিৰ। ইয়াৰ পূৰ্বে যোৱা মাৰ্চ মাহত গুজৰাটৰ ৫ জনকৈ কংগ্ৰেছী বিধায়কে দল ত্যাগ কৰিছিল। সূত্রৰ খবৰ মতে কাৰ্জন বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক অক্ষয় পেটেলে দল ত্যাগ কৰাৰ জাননী প্ৰেৰণ কৰিছে হাই কামাণ্ডলৈ। ইয়াৰ পূৰ্বে কপৰাডা সমষ্টিৰ কংগ্ৰেছী বিধায়ক জিতু চৌধুৰীয়েও দলৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছিল। চৌধুৰীয়েও কংগ্ৰেছ ত্যাগ কৰাৰ কথা দলীয় সূত্ৰই স্বীকাৰ কৰিছে। কিন্তু শেহতীয়াকৈ গুজৰাটৰ আন এজন কংগ্ৰেছী বিধায়কেও দল ত্যাগ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।