Local, Vocal, Global

ৰাজ্যত ৯৪ হাজাৰ অতিক্ৰম কৰ’না আক্ৰান্তৰ সংখ্যা

অসমত অব্যাহত আছে কাল কৰ’নাৰ ভয়াৱহতা। প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ । বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ১৯৭৩গৰাকী। নতুনকৈ আক্ৰান্তসকলৰ ৫১০গৰাকী কামৰূপ মহানগৰৰ আৰু ১৪৯গৰাকী কাছাৰৰ, ১৩২গৰাকী যোৰহাটৰ, ১২১গৰাকী কামৰূপৰ আৰু ১১৬গৰাকী কামৰূপ জিলাৰ। বিগত ২৪ ঘন্টাত ৰাজ্যত আৰোগ্য লাভ কৰে ১৭৩৪গৰাকীয়ে । ইয়াৰ বিপৰীতে মৃত্যু হয় ৮ গৰাকীৰ।

বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ৯৪,৫৯২গৰাকী। আৰোগ্য হৈ ঘৰলৈ উভতিছে ৭৪,৮১৪গৰাকী ৰোগীয়ে। সম্প্ৰতি ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ১৯,৫১৫গৰাকী লোক। ইয়াৰ বিপৰীতে মৃত্যু হৈছে ২৬০গৰাকী লোকৰ।

কৰ’না আক্ৰান্তৰ সংখ্যা হ্ৰাস পালেও ৰাজ্যত বৃদ্ধি পায়েই আছে আক্ৰান্তৰ হাৰ। যোৱা ২৪ ঘন্টাত ৩৪,৩০৭গৰাকী লোকৰ স্বোৱাব টেষ্ট সম্পন্ন হৈছে। লক্ষ্যণীয়ভাৱে ২৪ ঘন্টাত আক্ৰান্ত লোকৰ হাৰ ৫.৭৫ শতাংশ।