Local, Vocal, Global

৩ সন্তানক বুকুত বান্ধি এগৰাকী মাতৃৰ কঠোৰ জীৱন সংগ্ৰাম

শিৱসাগৰ,১০জুন : ৩ সন্তানক বুকুত বান্ধি এগৰাকী মাতৃৰ কঠোৰ জীৱন সংগ্ৰাম । এটা ভগা জুপুৰিত গোহালি সদৃশ পৰিৱেশৰ মাজত জীৱন পাৰ কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে

শিৱসাগৰ জিলাৰ নামতি আঞ্চলৰ এটা পৰিয়ালৰ দূৰাৱস্থা। ঘৰ বুলিবলৈ একোৱেই নাই গোহালি সদৃশ এক পৰিৱেশৰ মাজত সন্তানসহ কঠোৰ জীৱন সংগ্ৰাম চলায় গৈছে এগৰাকী অসহায় মাতৃয়ে। তিনিটিকৈ কণমানি সন্তানক লগত লৈ এইগৰাকী মাতৃয়ে কৰিছে সংগ্ৰাম। নামতি প্ৰাইভেৰীৰ বাসিন্দা প্ৰয়াত ৰাজীৱ দত্তৰ এই পৰিয়ালটোৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা। বৰ্তমান ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী বিজু হাজৰিকা দত্ত নামৰ এইগৰাকী মহিলা। তিনি সন্তানক লগত লৈ এইগৰাকী মহিলাই জীৱনৰ সৈতে সংগ্ৰাম কৰিছে জীয়াই থাকিবলৈ। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লাভ কৰা অৰুণোদয় আঁচনিৰ টকা কেইটাৰে কথমপি জীয়াই আছে চাৰি জনীয়া পৰিয়ালটো। বৰ্তমান সময়লৈ এই দুৰ্ভগীয়া পৰিয়ালটোৱে লাভ কৰা নাই এটা চৰকাৰী আৱসগৃহ।

মহিলাগৰাকীৰ এই দুৰ্দশাৰ খবৰ পাই কিছু সহায়ৰ বাবে আগবাঢ়ি আহিছে সদৌ অসম মহিলা সমিতিৰ শিৱসাগৰ জিলাৰ বিষয়া ইন্দ্ৰানী ৰাজকুমাৰী। ৩ সন্তানক লৈ জীৱন সংগ্ৰাম চলায় নিবলৈ দূৰ্ভগীয়া মহিলাগৰাকীয়ে ৰাইজৰ বিচাৰিছে কিছু সহায়।

লগতে পঢ়ক : Artificial Flood in Digboi : কৃত্ৰিম বানে জীয়াতু ভোগাইছে ডিগবৈৰ ৰাইজক