Local, Vocal, Global

হোজাই জিলাৰ লংকাত আন্তৰ্জাতিক মাদকদ্ৰব্য বিৰোধী দিৱস উদযাপন 

152

আজি ২৬ জুন । সমগ্ৰ বিশ্বতে আজিৰ দিনটোতে উদযাপন কৰা হয় আন্তৰ্জাতিক মাদকদ্ৰব্য বিৰোধী দিৱস । মাদকদ্ৰব্য সেৱন আৰু ইয়াৰ প্ৰচলনৰ ভয়াবহতাৰ সম্পৰ্কে বিশ্ববাসীক অৱগত কৰাৰ আৰু সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰ সংঘই ১৯৮৯ চনৰ পৰাই ২৬ জুন তাৰিখটোক উদযাপন কৰি অহা আন্তৰ্জাতিক মাদকদ্ৰব্য বিৰোধী দিৱস হোজাই জিলাৰ লংকাতো আৰক্ষী বাহিনীয়ে উদযাপন কৰিছে ।এই উপলক্ষে মাদকদ্ৰব্য ব্যৱহাৰ আৰু প্ৰচলনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক সমদল উলিয়াই ।এই সমদলত ছাত্ৰ ছাত্ৰীৰ লগতে আৰক্ষীয়েও অংশগ্ৰহণ কৰে ।