Local, Vocal, Global

হাজোৰ মাধৱ মন্দিৰ আৰু পোৱামক্কা দৰগাহ ভক্তৰ বাবে মুকলি

সুদীৰ্ঘ ৭৫ দিনৰ মূৰত মুকলি হল হাজোৰ পঞ্চতীর্থ আৰু পোৱামক্কা দৰগাহ । মহামাৰী ক’ৰনা ভাইৰাছৰ বাবে বন্ধ হৈ থকা মাধৱ মন্দিৰ,কেডাৰ মন্দিৰ,গণেশ মন্দিৰ,কামেশ্বৰ মন্দিৰ,ধাৰেশ্বৰ মন্দিৰ আৰু মুছলিম ধৰ্মৰ লোক সকলৰ পবিত্ৰ স্থান পোৱামক্কা দৰগাহৰ মূল দুৱাৰ আজিৰ পৰা মুকলি কৰা হল।সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি ভক্ত সকলক তীৰ্থস্থান সমূহত প্ৰবেশৰ ব্যৱস্থা কৰিছে মন্দিৰ আৰু পোৱামক্কা দৰগাহ পৰিচালনা সমিতিয়ে।উল্লেখযোগ্য যে হাজোৰ মাধৱ মন্দিৰ পৰিচালনা সমিতিয়ে মন্দিৰত প্ৰৱেশ কৰিবলৈ কেতবোৰ নিয়ম বান্ধি দিছে। হাত ধুই মন্দিৰত প্ৰৱেশ কৰাৰ সমান্তৰাল কৈ চেনিটাইজাৰ কৰিব কৰিব লাগিব। এক ঘন্টাত ২০ গৰাকী ভক্তই প্ৰৱেশ কৰিব পাৰিব। মন্দিৰৰ ভিতৰত পূজাৰীয়ে ফুল,পাত, জল আৰু ফোট দিব নোৱাৰিব। ভক্তই নিজে বাহিৰৰ পৰা এই ফুল নিজে লব লাগিব। আনহাতে পোৱামক্কা দৰগাহটো সম্পূৰ্ন সামাজিক দূৰত্ব বজাই দোৱা কৰিব লাগিব।