Local, Vocal, Global

ৰাজ্যত কৰ’না আতংক, গুৱাহাটীত ৫ স্থানত নতুনকৈ কন্টেইনমেন্ট জ’ন

ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা ২,৮৩৫লৈ বৃদ্ধি । নতুনকৈ ৫৯গৰাকীৰ দেহত COVID-19+ । আক্ৰান্তসকলৰ ১৪গৰাকী ধেমাজীৰ, দৰঙৰ ১৩গৰাকী, নগাঁৱৰ ৮গৰাকী, বিশ্বনাথৰ ৬গৰাকী, শোনিতপুৰৰ ৬, বৰপেটাৰ ৫গৰাকী, চিৰাঙৰ ২গৰাকী, ডিব্ৰুগড়ৰ ২গৰাকী আৰু এগৰাকীকৈ বঙাইগাঁও, কাৰ্বি আংলঙ আৰু কামৰূপ মহানগৰ জিলাৰ ।সোমবাৰৰ দিনটোত ৰাজ্যত আক্ৰান্ত ১৫৪গৰাকী । এইপৰ্যন্ত ৭৮৪গৰাকীক ৰিলিজ, সক্ৰিয় ৰোগী ২০৪৪, ৰাজ্যত মৃত্যু ৫গৰাকীৰ ।

গুৱাহাটীত নতুনকৈ COVID-19+ পোৱাৰ লগে-লগে তৎপৰ মহানগৰ প্ৰশাসন । গুৱাহাটীত  ৫ স্থানত নতুনকৈ কন্টেইনমেন্ট জ’ন ঘোষণা ।ফটাশিলৰ ভাস্কৰ নগৰ (Block-B), চন্দ্ৰপুৰৰ হাজংবড়ী গাঁও, চেৰাবভাটি, আঠগাঁৱ,বিষ্ণুপুৰ কালীমন্দিৰৰ সমীপৰ অঞ্চলক  নতুনকৈ কন্টেইনমেন্ট জ’ন ঘোষণা ।মহানগৰীত এইপৰ্যন্ত ১৯টা স্থান কন্টেইনমেন্ট জ’নত অন্তৰ্ভুক্ত ।