Local, Vocal, Global

হতাশাত ভুগিছিল নেকি অভিনেতা সুশান্ত সিং ৰাজপুত?

জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ বাতৰিত দেশজুৰি শোকাচ্ছন্ন হৈ পৰিছে বলীউডপ্ৰেমী দৰ্শক। ৩৪ বছৰীয়া সুদৰ্শন অভিনেতাজনে কিয় আত্মহননৰ পথ বাচি ল’লে সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই। তেওঁ‌ৰ চুইচাইডনোটও উদ্ধাৰ হোৱা নাই। ক’ভিড-১৯ সৃষ্ট পৰিস্থিতি নে অন্য কোনো কাৰণত সুশান্ত সিং হতাশাগ্ৰস্ত হৈ পৰিছিল সেই লৈও এতিয়া চলিছে ব্যাপক চৰ্চা। সুশান্তৰ টুইটাৰ একাউণ্টৰ পৰা কিছু নতুন কথা পোহৰলৈ আহিছে। তেওঁ‌ টুইটাৰ একাউণ্টত ক’ভাৰ ফটো ৰাখিছিল ভিনচেণ্ট ভেন্ গ’গৰ “The Starry Night” নামৰ প্ৰখ্যাত ছবিখন। ভেন গ’গে ১৮৮৯ চনত হতাশাৰ সন্মুখীন হৈ মানসিক চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত আঁ‌কিছিল এই ছবিখন। ১৮৯০ চনত হতাশাগ্ৰস্ত হৈয়েই ভেন গ’গে আত্মহত্যা কৰিছিল বুলি সেই সময়ত যথেষ্ট চৰ্চাও হৈছিল।