Local, Vocal, Global

সহজলভ্য দৃশ্যত পৰিনত হৈছে হাতী-মানুহৰ সংঘাত..

নুমলীগড়ৰ লেটেকুজান ৰজাবাৰীৰ ৰেল লাইন আৰু ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ বন্যহস্তীৰ জাক । বহু সময় ধৰি বন্ধ হৈ পৰিল ৰেল লাইন আৰু ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ । হাতে হাতে জুই লৈ হাতী খেদাত ব্যস্ত হ’ল গাঁওবাসী ।
অঞ্চলটোত এতিয়া এনেদৰেই এক সহজলভ্য দৃশ্যত পৰিনত হৈছে হাতী-মানুহৰ সংঘাত। বিগত কিছুদিন ধৰি হাতীৰ এটা বৃহৎ জাকে ৰজাবাৰী,লেটেকুজান,মৰঙী চাহ বাগিচা, বাঁহ বাৰী আদি অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছে । গাঁওবাসীয়ে হাতীৰ জাকটোক আঁতৰাই পঠাবলৈ অব্যাহত ৰাখিছে চেষ্টা । ৰাইজৰ খেদাত হাতীৰ জাকটোৱে দিক-বিদিক হেৰুৱাই বিপদজনক ভাৱে ৰেল লাইন আৰু ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ দৃশ্যই উদ্বিগ্ন কৰি তুলিছে স্থানীয় প্ৰকৃতিপ্ৰেমী মহলক । হস্তীজাকৰ মুক্ত বিচৰনৰ ফলত প্ৰায়ে ৰেল পথ আৰু ৰাষ্ট্রীয় ঘাইপথেৰে বন্ধ হৈ পৰে যাতায়ত ।এবাৰ যদি ৰেল লাইন, আন এবাৰ আকৌ ঘাইপথ অতিক্ৰম কৰি খাদ্যৰ সন্ধানত ঘূৰি ফুৰে হাতীৰ বৃহৎ জাকটো । একাংশ লোকে এনেদৰে ঘুৰি ফুৰা হাতীৰ জাকটোক শিলগুটি,লাঠী,কেটেপা আদি লৈ পিছে পিছে খেদি ফুৰে অঞ্চলটোত। যাৰ ফলত হাতীয়েও চোঁচা লয় মানুহলৈ ।
বন্যহস্তীৰ সৈতে মানুহৰ এই মুক্ত সংঘাত দেখিও স্থানীয় বন বিভাগে আজিকোপতি গুৰুত্ব দিয়া নাই বিষয়টোত।।