Local, Vocal, Global

বাঘজানৰ তৈল খাদৰ বিস্ফোৰণ সন্দৰ্ভত চি বি আই তদন্ত দাবী কংগ্ৰেছৰ..

বাঘজানৰ তৈল খাদৰ বিস্ফোৰণ সন্দৰ্ভত চি বি আই তদন্ত দাবী কংগ্ৰেছৰ
বৃহস্পতিবাৰে ৰাজ্যপালক স্মাৰকপত্ৰ দিব প্ৰদেশ কংগ্ৰেছে।
মহানগৰীৰ ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকিয়াৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহন কৰা হয়।
প্ৰদেশ কংগ্ৰেছৰ অভিযোগ কমিচনৰ অংকত চকু মুদি থকা মুখ্যমন্ত্ৰীৰ নৰম ভূমিকাৰ পৰিনতিতে বাঘজানৰ ঘটনা সংঘটিত হ’বলৈ পালে। বাঘজান কাণ্ডৰ বাবে কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰ জগৰীয়া বুলিও অভিযোগ তুলিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বাঘজান প্ৰসংগত কটাক্ষ কৰি কয় যে হেলিকপ্টাৰ লৈ মাস্ক বিলাবলৈ যাব পৰা মুখ্যমন্ত্ৰী সোনোৱালৰ বাঘজানলৈ যোৱাৰ সময় নাই।
বুধবাৰৰ এই বৈঠকতে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ আগন্তুক জন্মদিনটো দলে অংগীকাৰ দিৱসৰূপে পালন কৰি আঢ়ৈ শতাধিক মণ্ডল পৰ্যায়ৰ সদস্যক লৈ জন সেৱাৰ সংকল্প গ্ৰহণৰ সিদ্ধান্ত লয়