Local, Vocal, Global

চন্দীপ মেহতাই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহন কৰিব…

ডিজিটেল ডেস্ক- ন্যায়াধীশ চন্দীপ মেহতাই বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে শপত ল’বলৈ সাজু হৈছে।
ন্যায়াধীশ চন্দীপ মেহতা মঙলবাৰে নিশা গুৱাহাটীত উপস্থিত হৈছিল।
শপত গ্ৰহণ অনুষ্ঠানটো ৰাজভৱনৰ দৰবাৰ হলত অনুষ্ঠিত হয়।
ন্যায়াধীশ চন্দীপ মেহতাক যোৱা দেওবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল।
ন্যায়াধীশ আৰ এম ছায়া অৱসৰৰ পিছত মুখ্য ন্যায়াধীশৰ পদ খালী হৈ পৰিছিল।
জ্যেষ্ঠ ন্যায়াধীশ চন্দীপ মেহতাক ২০১১ চনৰ মে মাহত ৰাজস্থান উচ্চ ন্যায়ালয়ত নিযুক্তি দিয়া হৈছিল। তেওঁৰ অৱসৰৰ তাৰিখ জানুৱাৰী ২০২৫ ৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।
উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামৰ্শ অনুসৰি তেওঁক মুখ্য ন্যায়াধীশৰ বাবে বাছনি কৰা হৈছিল।
মন্ত্ৰালয়ে জাৰি কৰা জাননীখনত লিখা আছিল, “ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ২১৭ ৰ দফা (১)ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি ৰাষ্ট্ৰপতিয়ে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শ্ৰী ন্যায়াধীশ চন্দীপ মেহতাক তেওঁৰ কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ তাৰিখৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দি আনন্দিত হৈছে।”
মন কৰিব লাগিব যে ন্যায়াধীশ মেহতাই ১৯৮৬ চনত এজন অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।
তেওঁ ২০০৪ চনৰ পৰা ২০০৫ চনলৈ ৰাজস্থানৰ বাৰ কাউন্সিলৰ উপাধ্যক্ষ আৰু ২০১০ চনত অধ্যক্ষ হিচাপে কাৰ্য নিৰ্বাহ কৰি আছিল।