Local, Vocal, Global

শুৱালকুছিত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি

কৰ’ণা মহামাৰী গণসংক্ৰমণ ৰোধ কৰাৰ উদেশ্যৰে এটাৰ পিছত আনটো লকডাউন ঘোষনা কৰিছে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে। ১৪দিনীয়া লকডাউনৰ প্ৰথম সপ্তাহত ফাৰ্মাচী আৰু চিকিৎসালয়ৰ বাহিৰে সকলো বন্ধ থাকিব । পূৰ্বৰ লকডাউনসমূহত জৰুৰীকালীন সেৱাৰ লগত জড়িত বিষয়বিলাকৰ লগতে অত্যৱশ্যকীয় সামগ্ৰী যেনে গেলা-মালৰ দোকানসমূহ খোলা ৰাখিবলৈ অনুমতি দিছিল যদিও এইবাৰৰ লকডাউনৰ প্ৰথম সপ্তাহত গুৱাহাটীৰ গেলামালসমূহ বন্ধ ৰাখিবলৈ ৰাজ্য চৰকাৰে নিৰ্দেশনা জাৰি কৰাৰ পিছতে এচাম ব্যৱসায়ীয়ে নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি কৰাৰ অভিযোগ আহিছে।

বিশেষকৈ চাউল-দাইল, আলু-পিঁয়াজ, মিঠাতেলৰ লগতে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম বহু পৰিমাণে বৃদ্ধি কৰাৰ অভিযোগ সংবাদ মাধ্যমত প্ৰকাশ হৈছে। তেনেদৰে শুৱালকুছিৰ একাংশ পাইকাৰী আৰু খুচুৰা গেলামাল ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰাৰ অভিযোগ সাধাৰণ গ্ৰাহকে শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাক অৱগত কৰিছে।যাৰ বাবে আজি কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দীপাংকৰ শৰ্মা আৰু শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিংকু দাসৰ নেতৃত্বত শুৱালকুছি অঞ্চলত থকা পাইকাৰী আৰু খুচুৰা গেলামাল দোকানসমূহ পৰ্যবেক্ষণ কৰি দোকানৰ স্বত্বাধিকাৰীসকলৰ ওচৰত গৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নকৰিবলৈ সকীয়নি দিয়াৰ লগতে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্য দোকানৰ সন্মুখত সাধাৰণ গ্ৰাহকৰ দৃষ্টিগোচৰ হোৱাকৈ আঁৰি দিবলৈ আহ্বান জনাইছে। লগতে শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা কামৰূপ জিলা যোগান বিষয়াক বিষয়টো সম্পৰ্কে অৱগত কৰি শুৱালকুছি অঞ্চলত যাতে কোনো অসাধু চক্ৰই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে চোকা দৃষ্টি ৰাখিবলৈ অনুৰোধ জনায়।