Website Design: dastechnologies.in
বৃহস্পতিবাৰে শিৱসাগৰত প্ৰদান কৰা হয় অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী মেধা বৃত্তি বঁটা
২০১৪ চনৰ পৰা প্ৰয়াত শৰৎ মহন্তৰ পৰিয়ালে শিৱসাগৰৰ ৰংপুৰ বালিকা বিদ্যালয়ৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা দুগৰাকী ছাত্ৰীলৈ এই বঁটা আগবঢ়াই আহিছে৷
শৰৎ মহন্তৰ কন্যা অ’ পি জিন্দাল গ্ল’ৱেল ইউনিভাৰচিটীৰ অধ্যাপিকা ড০ উপাসনা মহন্তই আগবঢ়োৱা এই বঁটা বিদ্যালয়খনৰ পৰা এই বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা নীহাৰিকা ভৰালী আৰু তৃষ্ণাপ্ৰিয়া দত্তক প্ৰদান কৰা হয়৷

ৰংপুৰ বালিকা বিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানটোত উপস্থিত থাকে শিৱসাগৰ জিলাৰ জিলা শিক্ষা বিষয়া আব্দুল জেলিল, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত, শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক ইনামূল হাজৰিকাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি৷