লাডাখত কিমান ভয়াৱহ আছিল সেই সংঘৰ্ষ? -প্ৰত্যক্ষদৰ্শীৰ বৰ্ণনা
![](https://mynewsne.com/wp-content/uploads/2020/06/IMG-20200619-WA0001.jpg)
লাডাখৰ মিলিটেৰী হাস্পতালত এতিয়াও চিকিৎসাধীন হৈ আছে যোৱা ১৫ জুনৰ নিশা চীনা সেনাৰ বৰ্বৰ আক্ৰমণত আহত ভাৰতীয় সেনা জোৱান। কেইবাজনৰো অৱস্থা এতিয়াও সংকটজনক । সেইসকলৰ মাজৰে এজন সুৰিন্দৰ সিং। গালৱানৰ পৰা উদ্ধাৰ কৰি আনি চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ প্ৰায় ১২ ঘণ্টাৰ পিছত সংজ্ঞা ঘূৰি আহে জোৱানজনৰ । তাৰ পিছত তেওঁ বৰ্ণনা কৰে কি হৈছিল সেইনিশা এলএচিত। সুৰিন্দৰ সিঙৰ ভাষ্য গালৱান নৈৰ বৰফ গলা পানীৰ মাজত সেইদিনা প্ৰায় ৫ ঘণ্টা ধৰি চলিছিল সেই খণ্ডযুদ্ধ। চীনা সৈন্যই লাহে লাহে নৈখনত নামি ভাৰতীয় সৈনিকৰ ওপৰত জঁপিয়াই পৰিছিল। প্ৰায় ৫ঘণ্টা ধৰি চলি আছিল ৰক্তাক্ত সংঘৰ্ষ। সেই সময়ত অঞ্চলটোত ভাৰতীয় সেনা আছিল প্ৰায় ২০০। বিপৰীতে প্ৰায় এহেজাৰ চীনা সৈনিকে কেউফালৰ পৰা আগুৰি ধৰি চলাই গৈছিল আক্ৰমণ। এই আক্ৰমণ ভাৰতীয় সেনাৰ বাবে তেনেই অ’তৰ্কিত আছিল যদিও চীনা সেনাই আক্ৰমণ কৰিছিল সম্পূৰ্ণ পৰিকল্পিত ৰূপত। চীনৰ এয়া চৰম বিশ্বাসঘাটকতা, সুৰিন্দৰ সিঙে কয়। তেজ-মঙহ গোট মাৰি যোৱা সেই প্ৰচণ্ড চেঁচা পানীৰ মাজত চলি আছিল সংঘৰ্ষ। নৈৰ পাৰলৈ মাত্ৰ এজন মানুহ উঠিব পৰা এটা বাট আছিল। সেই কাৰণেই ভাৰতীয় সৈনিকসকলৰ বাবে প্ৰত্যাহ্বান বেছি আছিল। তাৰ মাজতো ভাৰতীয় সেনাৰ দলটোৱে ভাল শিক্ষা দি পঠাইছে চীনা সেনাৰ দলটোক। কিন্তু এই বিশ্বাসঘাটকতাৰ উচিত ফল চীনে অচিৰেই পাব বুলি আশাবাদী জোৱান সুৰিন্দৰ সিং।