লখিমপুৰ জিলা পৰিষদৰ এক নিৰ্দেশনাই হতভম্ব কৰিছে সচেতন মহলক

লখিমপুৰ জিলা পৰিষদে জাৰি কৰা এক নিৰ্দ্দেশনাই সকলোকে হতচকিত কৰিছে ৷
অসমৰ ভিতৰত দ্বিতীয় বৃহৎ সাপ্তাহিক বজাৰ ইছলমপুৰ বজাৰ খুলিবলৈ দিছে এই নিৰ্দ্দেশ ৷
জিলা উপায়ুক্তৰ অনুমতি নোহোৱাকৈ এনেদৰে জিলাপৰিষদৰ মুখ্যকাৰ্যবাহী বিষয়াই দিয়া এই নিৰ্দ্দেশৰ পিছতে ১২ ঘন্টাৰ ভিতৰতে উপায়ুক্তৰ তৎপৰতাত বাতিল কৰা হয় যদিও বজাৰত পুৱাই উপস্থিত হলহি ব্যৱসায়ীসকল ৷
সাধাৰণতে প্ৰায় তিনিহেজাৰ সৰু-ডাঙৰ ব্যৱসায়ীৰ প্ৰতি সপ্তাহত উপস্থিত থকা ইছলামপুৰ সাপ্তাহিক বজাৰ পুনৰ বন্ধ কৰা হল যদিও বিলায়-বিপত্তি নোহোৱা হল ব্যৱসায়ীসকলৰ ৷