Local, Vocal, Global

যোগ শিক্ষকৰ ৰূপত আই টি বি পিৰ জোৱান

ভাৰত তিব্বত সীমা সুৰক্ষা বাহিনীৰ এজন জোৱানে চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা COVID হাস্পতালক পৰিণত কৰিছে যোগ শিবিৰলৈ । দিল্লীৰ পুষ্পবিহাৰৰ মহম্মদ ইজৰাইল নামৰ জোৱানজন কৰ্মৰত হৈ আছিল লিকাবালিত থকা ITBP ৰ TRANSIT CAMP ত । কিন্তু জোৱানজনৰ দেহত কৰণা ভাইৰাছ ধৰা পৰাৰ পিছত ভৰ্তি কৰোৱা হয় চিলাপথাৰৰ কভিড হাস্পতালত । চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছতে জোৱানজন পৰিণত হয় যোগ গুৰুলৈ আৰু চিকিৎসালয়খনক পৰিণত কৰে যোগ শিবিৰলৈ । সকলো ৰোগীকে তেওঁ দিছে যোগৰ প্ৰশিক্ষণ । দিছে যোগৰ জৰিয়তে ৰোগ প্ৰতিৰোধৰ শিক্ষা । ৰোগীসকলেও সমানে ব্ৰতী হৈছে যোগ অভ্যাসত। এতিয়া ITBP ৰ জোৱান মহম্মদ ইজৰাইলৰ প্ৰচেষ্টাত চিলাপথাৰ COVID হাস্পতাল পৰিণত হৈছে যোগ শিবিৰলৈ । জোৱানজনৰ এনে পদক্ষেপৰ শলাগ লৈছে স্থানীয় ৰাইজে।