Local, Vocal, Global

যুদ্ধৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ ইউক্ৰেইনলৈ আহিল হলীউড ষ্টাৰ! 

নিউজ ডেস্কঃ অব্যাহত আছে  ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ভয়ংকৰ যুদ্ধ । মানুহে কেনেকৈ প্ৰাণৰক্ষা কৰিব পাৰি তাৰ চিন্তাত দিন কটাইছে কিন্তু হলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা এই ভয়ংকৰ সময়ত উপস্থিত হৈছে যুদ্ধবিধ্বস্ত ইউক্ৰেইনত। নিজৰ জীৱন হাতৰ মুঠিত লৈ আমেৰিকাৰ পৰা ইউক্ৰেইনত উপস্থিত হয়হি হলীউড ষ্টাৰ ছিন পেন। যি সময়ত মানুহে কেনৈকে ইউক্ৰেইনৰ পৰা পৰা পলাব পাৰি সেই চিন্তাত আছে তেনে সময়তে আমেৰিকাৰ পৰা আহি ইউক্ৰেইনত উপস্থিত হোৱা ছিন পেনৰ সাহসক লৈ সমগ্ৰ বিশ্বতে চলিছে চৰ্চা। ৬১ বছৰীয়া ছিন পেনে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধক লৈ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিবৰ বাবে ইউক্ৰেইনলৈ আহে।

যুদ্ধৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ ইউক্ৰেইনলৈ আহিল হলীউড ষ্টাৰ

হলীউডৰ প্ৰবীণ অভিনেতাগৰাকীয়ে তেওঁৰ তথ্যচিত্ৰৰ জৰিয়তে সমগ্ৰ বিশ্বকে জনাব যুদ্ধৰ ভয়াৱহতাৰ কথা। ইউক্ৰেইনৰ ৰাজধানী কীয়েভত থাকি যুদ্ধৰ বিভিন্ন ভয়ংকৰ দৃশ্য কেমেৰাত বন্দী কৰিছে ছিন পেনে।ছিন পেন হৈছে হলীউডৰ এজন প্ৰখ্যাত অভিনেতা, পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক।

অস্কাৰজয়ী অভিনেতাজনে যোৱা কেইদিনমান ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু বিশ্ব কঁপোৱা এই যুদ্ধক লৈ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি আছে।গুলীচালনা, বোমা বিস্ফোৰণত কঁপি থকা এই যুদ্ধক্ষেত্ৰত ছিন পেনে দেখুৱা সাহসিকতাক লৈ সমগ্ৰ বিশ্বতে চলিছে আলোচনা। নিজৰ কাম সম্পূৰ্ণ কৰাৰ পাছত ছিন পেনে আশ্ৰয় ল’বলৈ পোলেণ্ডলৈ খোজকাঢ়ি গৈ আশ্ৰয়শিবিৰত উপস্থিত হয়গৈ। আন আশ্ৰয় প্ৰাৰ্থীসকলৰ লগত একেলগে আছে ছিন পেন। পোলেণ্ডলৈ খোজকাঢ়ি যোৱা ছিন পেনৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।