বিধ্বস্ত ইউক্ৰেইনলৈ মানৱীয় আৰু চিকিৎসা সাহায্য- দৰৱসহ দুই টন সাহায্য সামগ্ৰী প্ৰেৰণ ভাৰতৰ

নিউজ ডেস্ক,৩ মাৰ্চঃ যুদ্ধবিধ্বস্ত ইউক্ৰেনৰ দূৰ্গত নাগৰিকসকলৰ বাবে মানৱীয় সাহায্য প্ৰেৰণ কৰিছে ভাৰতে। বুধবাৰে ভাৰতে পোলেণ্ড হৈ যুদ্ধাক্ৰান্ত দেশখনলৈ প্ৰেৰণ কৰে দুই টন দৰৱসহ অন্যান্য সামগ্ৰী।
উল্লেখ্য যে, ইউক্ৰেনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ভাৰতক মানৱীয় সাহায্য প্ৰেৰণৰ বাবে অনুৰোধ জনাইছিল। জেলেনস্কিৰ অনুৰোধ ৰক্ষা কৰি ভাৰতে দূৰ্গত লোকসকলৰ বাবে সাহায্য প্ৰেৰণৰ বাবে সিদ্ধান্ত লয়। ভাৰতে দূৰ্গত লোকসকলৰ বাবে ব্লেংকেট, টেণ্ট আদিও প্ৰেৰণ কৰে। তাৰোপৰি এন ডি আৰ এফৰ ফালৰ পৰা প্ৰেৰণ কৰা সামগ্ৰীৰ ভিতৰত আছে ১০০ টেণ্ট আৰু ২৫০০০ খন কম্বল। আগন্তুক দিনত ইউক্ৰেইনৰ দূৰ্গত লোকসকললৈ অধিক সাহায্য প্ৰেৰণ কৰিব বুলি ঘোষণা কৰিছে বিদেশ মন্ত্ৰালয়ে।