Local, Vocal, Global

কিয়েভত দুৰ্গতক আশ্ৰয় দিছে ভাৰতীয় ৰেষ্টোৰা ‘সাথিয়া’ই

নিউজ ডেস্ক,৩ মাৰ্চঃ যুদ্ধৰ ভয়াবহতাৰ মাজতেই ‘সাথিয়া’ ৰেষ্টোৰাই আশ্ৰয় দিছে বহু মানুহক। কিয়েভত থকা এই ৰেষ্টোৰাখনৰ মালিক হৈছে মনীষ ডাভে। কিয়েভত গঢ় লৈ উঠা এই ৰেষ্ট্ৰোৰাখনৰ উদ্দেশ্য হৈছে- বিদেশৰ মাটিত দেশৰ সংস্কৃতিক জীয়াই ৰখা।
       ডাভেই উল্লেখ কৰে যে, যিমানদিনলৈ সম্ভৱ দুৰ্গত লোকসকলক তেঁও সহায় কৰি যাব। সকলোকে খাদ্য আৰু আশ্ৰয় দিয়াৰ সংকল্প লৈছে এই ভাৰতীয় নাগৰিকজনে। বৰ্তমান  ৰেষ্ট্ৰোৰাখনে বয়োজ্যেষ্ঠৰ পৰা শিশুলৈকে আনকি সন্তানসম্ভৱা মহিলাকো আশ্ৰয় দিছে। ১৩২ গৰাকী অসহায় মানুহক আশ্ৰয় দি বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰি আছে মনীষ ডাভেই। বৰ্তমান এই ৰেষ্ট্ৰোৰা হৈ পৰিছে ভাৰতীয়ৰ নিৰাপদ আশ্ৰয়স্থলী। চাৰিওফালৃ গোলাবৰ্ষন, বোমা বিষ্ফোৰণৰ মাজতো মনীষে অন্তিম মুহূৰ্তলৈকে সাথিয়াৰ দুৱাৰ মুকলি ৰখাৰ সিদ্ধান্ত লৈছে।