মৰাণৰ খোৱাঙত বাঢ়নি পানীত পৰি ১১ বছৰীয়া শিশুৰ মৃত্যু

মৰাণৰ খোৱাঙত বাঢ়নি পানীত পৰি ১১ বছৰীয়া কন্যা শিশুৰ মৃত্যু । খোৱাঙৰ ১ নং গৰৈমাৰীৰ নিবাসী কাজু তাঁতীৰ কন্যা বনমালী তাঁতী (১১) য়ে খোৱাং জনতা হাইস্কুলৰ কাষতে থকা এটা নলাত সমনীয়াৰ লগত খেলি থাকোতে সংঘটিত হয় শোকাৱহ ঘটনাতো ৷ বুঢ়ীদিহিং নদীৰ বাঢ়নি পানী সোমোৱাৰ ফলত দ’ হৈ আছিল নলাটো। আবেলি নলাৰ কিনাৰত পানীত খেলি থকাৰ সময়ত হঠাৎ নলাটোৰ দ’ অংশত পৰি যায় শিশুটি। লগত থকা সমনীয়াকেইগৰাকীয়ে চিঞৰ-বাখৰ কৰাত পথেৰে অহা-যোৱা কৰাকেইজনমান ব্যক্তিয়ে উদ্ধাৰ কৰিবলৈ আগবাঢ়ি যায় যদিও শিশুটি মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষীয়ে শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ যো-জা চলাইছে। খোৱাঙৰ ১নং গৰৈমাৰীৰ নিবাসী কাজু তাঁতীৰ কন্যা বনমালী তাঁতীয়ে খোৱাং জনতা হাইস্কুলৰ কাষতে থকা এটা নলাত সমনীয়াৰ লগত খেলি থাকোতে সংঘটিত হয় শোকাৱহ ঘটনাতো ৷ বুঢ়ীদিহিং নদীৰ বাঢ়নি পানী সোমোৱাৰ ফলত দ’ হৈ আছিল নলাটো । আবেলি নলাৰ কাষত পানীত খেলি থকাৰ সময়ত হঠাৎ নলাটোৰ দ’ অংশত পৰি যায় শিশুটি। লগত থকা সমনীয়াকেইগৰাকীয়ে চিঞৰ-বাখৰ কৰাত পথেৰে অহা-যোৱা কৰাকেইজনমান ব্যক্তিয়ে উদ্ধাৰ কৰিবলৈ আগবাঢ়ি যায় যদিও শিশুটি মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বৰ্তমান আৰক্ষীয়ে শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ যো-জা চলাইছে।