Local, Vocal, Global

মুকলি হ’ল ৰাজ্যৰ উপাসনাথলীঃ সামাজিক দূৰত্ব বজাই পূজা অৰ্চনা

উত্তৰ পূৱ ভাৰতৰ বিখ্যাত বৈষ্ণৱ পীঠ ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ কীৰ্তন ঘৰৰ লগতে মন্দিৰৰ বন্ধ দুৱাৰ আজি পুৱা ৭ বজাৰ পৰা খোলা হয় ৷ মহামাৰী কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি থান পৰিচালনা সমিতিয়ে চৰকাৰৰ নীতি নিৰ্দেশনা মানি যোৱা তিনিমাহ ধৰি হৈ থকা লকডাউনৰ সময়খিনিত  বৈষ্ণৱ পীঠখনৰ দুৱাৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰি ৰাখিছিল ৷ বিত্তীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চতুৰ্থ পৰ্যায়ৰ লকডাউনত বহু পৰিমাণে শিথিলতা আনিছিল যদিও আধ্যাত্মিক স্থানসমূহ খোলাত সম্পূৰ্ণ নিষেধাজ্ঞা আছিল। যাৰ বাবে বন্ধ হৈ আছিল ঐতিহাসিক বৈষ্ণৱ পীঠখনৰ দুৱাৰ ৷ ৰাজ্য চৰকাৰে ৮ জুনৰ পৰা ৰাজ্যখনৰ সকলো মন্দিৰ, মছজিদ আৰু গীৰ্জাঘৰ খোলাৰ সিদ্ধান্তৰ পিছতে আজি ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰীশ্ৰীবাসুদেৱ থান পৰিচালনা সমিতিয়ে চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনাসমূহ মানি পুৱাৰে পৰা বৈষ্ণৱ পীঠখনৰ দুৱাৰ খোলা ৰাখে ৷ বাসুদেৱ থান নৰোৱা সত্ৰৰ উন্নয়ন সমিতিৰ সম্পাদক দুৰ্লভ দেৱগোস্বামীৰ লগতে সত্ৰৰ ডেকা সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱগোস্বামীয়ে আজি সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি কয়- চৰকাৰৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা মানি সত্ৰলৈ অহা দৰ্শনাৰ্থীসকলে সত্ৰৰ প্ৰৱেশ পথতে হাত-ভৰি ধুই ছেনিটাইজ হৈ মন্দিৰ চৌহদলৈ আহিব পাৰিব ৷ দৰ্শনাৰ্থীসকলে সামাজিক দুৰত্ব ৰক্ষা কৰি শাৰীপাতি মন্দিৰত সেৱা কৰাৰ লগতে মুখত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে থান পৰিচালনা সমিতিয়ে ৷ এঘণ্টাত কেৱল ১০ৰ পৰা ২০জন দৰ্শনাৰ্থীয়েহে মূল মন্দিৰত প্ৰৱেশ কৰিব পাৰিব ৷ ইফালে দৰ্শনাৰ্থীক মাহ-প্ৰসাদ বিতৰণ কৰিবলৈ বন্ধ কৰা বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সম্পাদক গোস্বামীয়ে ৷ গোস্বামীয়ে কয় যে সত্ৰৰ পৰা মাহ-প্ৰসাদ বিতৰণ বন্ধ কৰা হ’ব কিন্তু দৰ্শনাৰ্থীসকলে অনা মাহ-প্ৰসাদ, শৰাই – নৈবদ্য গ্ৰহণ কৰিব পৰা হ’ব নে নাই সেই বিষয়ত প্ৰশাসনৰ এতিয়াও নিৰ্দেশনা স্পষ্ট হোৱা নাই ৷ গতিকে এইক্ষেত্ৰত প্ৰশাসনে শীঘ্ৰে বিষয়টো স্পষ্ট নিৰ্দেশনা দিয়া প্ৰয়োজন বোধ কৰে উন্নয়ন সমিতিয়ে ৷ ইপিনে আজি প্ৰথমদিনাই সীমিতসংখ্যক দৰ্শনাৰ্থীৰ উপস্থিতি হয় যদিও দৰ্শনাৰ্থীসকলে সামাজিক দুৰত্ব বজাই ৰখাৰ লগতে মুখত মাস্ক পৰিধান কৰি মন্দিৰত পূজা অৰ্চনা কৰা দেখা গল ৷