মহাভাৰতৰ “ভীম” প্ৰবীণ কুমাৰ চবতিৰ মৃত্যু
নিউজ ডেস্ক৮ ফ্ৰেব্ৰুৱাৰীঃ টেলিভিছনৰ জনপ্রিয় ধাৰাবাহিক মহাভাৰতৰ ভীম প্ৰবীণ কুমাৰ চবতিৰ মৃত্যু। হৃদৰোগত আক্ৰান্ত হৈ সোমবাৰে নিশা দিল্লীৰ বাস গৃহত মৃত্যুক সাৱটি লয় অভিনেতা জনে।মহাভাৰতৰ উপৰি অমিতাভ বচ্চন অভিনীত ছাহেনশ্বাহ আৰু ধৰ্মেন্দ্ৰ অভিনীত লোহা ছবিত অভিনয় কৰিও দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল প্ৰবীণ কুমাৰে।ইয়াৰোপৰি ২০১৩ত দিল্লীৰ বিধান সভা নিৰ্বাচনত আম আদমী প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দিতা কৰিছিল।অভিনেতা ৰূপে পেছাদাৰী জীৱন আৰম্ভ কৰিলেও প্ৰবীণ কুমাৰ আছিল এজন সুদক্ষ এথলীটো।ডিচকাছ আৰু হেমাৰ থ্ৰৰ সৈতে জড়িত প্ৰবীণ কুমাৰে ১৯৬৮ত মেস্কীকো অলিম্পিক আৰু ১৯৭২ ত মিউনিক অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।