Local, Vocal, Global

What is the right time to consume curd : আপুনি বাৰু জানেনে দৈ খোৱাৰ সঠিক সময় ?

দৈ আমাৰ সমাজৰ এটা চিনাকি নাম। অসমত দৈ এবিধ প্ৰিয় খাদ্য। দৈ স্বাস্থ্য আৰু সৌন্দৰ্য উভয়ৰ বাবে খুব ভাল ৷ দৈত প্ৰচুৰ পুষ্টি পোৱা যায়, যি আমাৰ দেহৰ বাবে উপকাৰী ৷ দৈ খোৱা বা দৈৰ ব্যৱহাৰ আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। দৈত অত্যাধিক পুষ্টিকৰ উপাদান থাকে। সেয়েহে দৈক জীৱন দায়িনী শক্তিকাৰক ঔষধ হিচাপে নামকৰণ কৰা হয়(Health Benefits of Eating Curd)।

দৈ হৈছে গাখীৰৰ দ্বাৰা উৎপন্ন এবিধ খাদ্য সামগ্ৰী ৷ আমি ইচ্ছা কৰিলেই গাখীৰৰ পৰা দৈ প্ৰস্তুত কৰি ল’ব পাৰো ৷ প্ৰকৃততে, বেক্টেৰিয়াৰ সান্নিধ্যত গাখীৰত ঘটা ৰাসায়নিক পৰিৱৰ্তনৰ ফলতেই দৈৰ সৃষ্টি হয় ৷ গাখীৰত লেক্টজ নামৰ এবিধ কাৰ্বহাইড্ৰেট থাকে আৰু বেক্টেৰিয়াই বিপাকীয় কাৰ্যৰ জৰিয়তে লেক্টজক লেক্টিক এচিডলৈ পৰিৱৰ্তন কৰে ৷ সময় বাঢ়ি যোৱাৰ লগে লগে দৈত সেই এচিডৰো পৰিমাণ বৃদ্ধি হয় ৷

চিকিৎসাক আৰু ডায়েটিচিয়ান সকলে দুপৰীয়াৰ খাদ্যত দৈ খাবলৈ পৰামৰ্শ দিয়ে। বয়সীয়াল লোকৰ বাবে দৈ বিশেষভাৱে উপকাৰী । দৈত প্ৰচুৰ পৰিমাণে প্ৰ’টিন আৰু কেলচিয়াম থাকে যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে । দৈত কেলচিয়াম আৰু লেষ্টিক এচিড থাকে যিয়ে গাৰ ছাল কোমল কৰাত সহায় কৰে। দৈৰ সৈতে নিমৰ পাত মিহিকৈ পিহি ছালত লগালে ছালৰ ৰোগ,খৰৰ পৰা সুফল পোৱা যায়। টেঙা দৈৰে মূৰ ধুলে মূৰৰ উফি কমে।

পুষ্টিকৰ গুণৰে পৰিপূৰ্ণ দৈ শৰীৰৰ বাবে অতি উপকাৰী। কিন্তু দৈৰ পৰা সকলো পুষ্টিকৰ গুণাগুণ প্ৰাপ্ত কৰাৰ বাবে আমি সঠিক সময়ত আৰু সঠিক উপায়েৰে দৈ খোৱাটো অতি গুৰুত্বপূৰ্ণ। আজি এই বিষয়ে জানো আহক-

দৈ খোৱাৰ সঠিক সময়(What is the right time to consume curd?)

শৰীৰত দৈৰ প্ৰভাৱ ঠাণ্ডা। সেয়েহে বিশেষজ্ঞসকলৰ মতে দৈ আবেলি খাব লাগে। ই পাচন তন্ত্ৰ শক্তিশালী কৰি ৰাখে। কিন্তু শীতকালত ইয়াক খোৱা পৰিহাৰ কৰিব লাগে।শীতকালত দৈ খোৱাৰ ফলত চৰ্দি, কাহ আদিৰ দৰে সমস্যা হ’ব পাৰে। ইয়াৰ বাহিৰেও দৈ সতেজকৈ খাব লাগে। পুৰণি বা টেঙা দৈ খালে গেষ্ট্ৰিকৰ সমস্যা আৰু পিত্ত ৰোগ হ’ব পাৰে।

দৈ এই সময়ত খাব নালাগে

দৈ ৰাতি খাব নালাগে আৰু ইয়াক গৰম কৰি নাখাব।তদুপৰি, দৈ নিমখ, গাখীৰ, মাছ, ঘিউ আৰু মৌৰ সৈতে মিহলি কৰি খাব নালাগে।

দৈ খোৱাৰ লাভালাভ

দৈনিক দৈ খোৱাটোৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে বহুতো সংক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰে।

দৈত থকা প্ৰ’বায়’টিক বেক্টেৰিয়াই পাচন তন্ত্ৰ শক্তিশালী কৰে।

দৈৰ নিয়মীয়া ব্যৱহাৰে কলেষ্টেৰল হ্ৰাস কৰে। যি হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা হ্ৰাস কৰে লগতে ৰক্তচাপ স্বাভাৱিক কৰে।

দৈ মুখৰ আলচাৰ নিৰাময় কৰাতো সহায়ক। মৌৰ সৈতে দৈ মিহলি কৰি ইয়াক আলচাৰত প্ৰয়োগ কৰিলে অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰি।

দৈত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে। ইয়াৰ নিয়মীয়া গ্ৰহণে দাঁত আৰু হাড় শক্তিশালী কৰে।

ওজন হ্ৰাস কৰিবলৈও আপুনি দৈ খাব পাৰে।