ভাৰতত কোৰোনা সংক্ৰমণে অতি ভয়াৱহতা ৰূপ ধাৰণ কৰাত ইজৰাইলী বিশেষজ্ঞৰ এটা দল অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি বিচাৰিছে
ভাৰতত কোৰোনা সংক্ৰমণে অতি ভয়াৱহতা ৰূপ ধাৰণ কৰাত ৰিলায়েন্স ইন্ডাস্টীজ লিমিটেডে কম সময়ৰ ভিতৰতে কভিড -১৯ চিনাক্ত কৰিব পৰা প্ৰযুক্তিৰ ব্যৱহাৰৰ উদ্দেশ্যে ভাৰতলৈ ইজৰাইলী বিশেষজ্ঞৰ এটা দল অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি বিচাৰিছে।ৰিলায়েন্সে প্ৰকাশ কৰা মতে ১৫ নিযুত মাকিন ডলাৰৰ বিনিময়ত তেওঁলোকে ইজৰাইলৰ এটা স্টাট আপৰ পৰা এই সুবিধা লাভ কৰিছিল। ভাৰতত কোৰোনা অতি জটিল ৰূপ ধাৰণা কৰাত তেওঁলোকে অতি সোনকালে ভাৰতলৈ আহিব বিচাৰিছে। এই দলটোৱে ভাৰতত উপস্থিত হৈয়ে ৰিলায়েন্স বিশেষজ্ঞ সকলক এনে প্ৰযুক্তি ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিব।এই প্ৰযুক্তিৰ দ্বাৰা মাত্ৰ কেইটা মান ছেকেন্ডৰ ভিতৰতে কভিডৰ পৰীক্ষা সম্ভৱ হৈ উঠিব।এই প্ৰযুক্তি ক্ৰয় যোৱা জানুৱাৰী মাহত ৰিলায়েন্সে ব্ৰেথ অব হেল্থৰ সৈতে চুক্তি সম্পাদন কৰিছিল। এই প্ৰযুক্তিৰ নাম ৰখা হৈছে ছুইফট কভিড-১৯ ব্ৰথ টেস্টিং ছিস্টেম।