বিজেপিৰ নেতা-মন্ত্ৰী গুজৰাটী বণিয়া গোষ্ঠীৰ এজেন্ট !

“বিজেপিৰ নেতা-মন্ত্ৰী গুজৰাটী বণিয়া গোষ্ঠীৰ এজেন্ট । বিজেপিক ভোট দিয়া মানেই বণিয়াক ভোট দিয়া হব। আত্মনিৰ্ভৰশীলতাৰ কথা মুখেৰে কোৱা চৰকাৰখনে অসমৰ মানুহক আত্মনিৰ্ভৰশীল কৰাৰ সলনি ভিক্ষাৰীহে বনাব” – গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই মন্তব্য আগবঢ়ালে নগাঁও আৰু কাছাৰ কাগজ কলৰ জইণ্ট একচন কমিটি অৱ ৰিকগনাইজ ইউনিয়নছ চমুকৈ জাকৰু সংগঠনটিৰ সভাপতি মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে । লগতে তেওঁ ইয়াকো সদৰি কৰিলে যে ২০১৬ চনৰপৰা আজিলৈকে দুয়োটা কাগজ কলৰ ৮১ জন কৰ্মচাৰীৰ মৃত্যু হৈছে ।আৰু এইয়া মৃত্যু নহয় হত্যা বুলিহে দোষাৰোপ কৰি হত্যাকাৰী এই চৰকাৰখনক অতিশীঘ্ৰে ওফৰাই পেলাবলৈ ৰাইজক তেওঁলোকে কাতৰ ভাৱে প্ৰাৰ্থনা জনাইছে । ৰাজ্য-কেন্দ্ৰৰ বিজেপি চৰকাৰ সবাতোকৈ মিথ্যাচাৰী, স্বেচ্ছাচাৰী, শ্ৰমিক ধংসকাৰী আখ্যা দি এইবাৰ নিৰ্বাচনত চৰকাৰখনক আঁতৰাই নপঠিয়ালে আগন্তুক সময়ত অসমৰ ৰাইজেও মৃত্যুক সাৱটি লব লাগিব বুলিও তেওঁ মন্তব্য কৰে । উল্লেখযোগ্য যে কাগজ কল দুটাক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া বিজেপি চৰকাৰে শেহতীয়াকৈ ৪১৪১ কোটি টকাৰ বৃহৎ পুঁজি গোপনে আবন্টন দি বিনিয়োগ কৰা বুলি দেখুৱাই সমস্ত ধন হৰলুকি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ।
সভাপতি চক্ৰৱৰ্তীয়ে কয় – আজি ৪৯ মাহ ধৰি কাগজ কলৰ কৰ্মচাৰীয়ে দৰমহা পোৱা নাই । ৪১৪১ কোটি টকা কল দুটাৰ নামত বিনিয়োগ কৰা হৈছিল যদি আজিলৈ কৰ্মচাৰীয়ে কিয় এপইচাও পোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰে । তাৰোপৰি প্ৰায় ১০০ কোটি টকা কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ নামত দিয়া হৈছে । কিন্তু কোনো কৰ্মচাৰীয়ে আজিলৈ এপইচাও পোৱা নাই । এই ধনৰাশিও চৰকাৰৰ মানুহেই হৰলুকী কৰিছে বুলি তেওঁ পোনপটীয়াকৈ অভিযোগ কৰে । উক্ত অভিযোগৰ তদন্তৰ বাবে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, ভাৰতৰ মহাগাণনিকলৈ স্মাৰক- পত্ৰও প্ৰেৰণ কৰা হৈছে যদিও কোনো পক্ষৰ পৰা আজিপৰ্যন্ত একো সঁহাৰি নোপোৱাত ক্ষোভ প্ৰকাশ কৰিছে কল দুটাৰ কৰ্মচাৰী সকলে । কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰৰো কোনো সদিচ্ছা নাই আৰু কল দুটা বচাবৰ বাবে অসম চৰকাৰে কেন্দ্ৰলৈ কোনোধৰণৰ লিখিত প্ৰস্তাৱ আজিলৈকে প্ৰেৰণ কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰিলে নগাঁও কাগজ কলৰ কৰ্মচাৰী তথা সংগঠনটোৰ সাধাৰণ সম্পাদক আনন্দ বৰদলৈয়ে ।
জাগীৰোডৰ বিধায়ক পীয়ুষ হাজৰিকাকো সংগঠনটোৱে তীব্ৰ সমালোচনা কৰি কয়- মন্ত্ৰী হাজৰিকাই নিজৰ সমষ্টিৰ বৃহৎ উদ্যোগটোৰ দুৰৱস্থাৰ খবৰ লবলৈ সময় নাপালে । সভাপতি তথা কাগজ কলৰ কৰ্মচাৰী মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে বিজেপিৰ সকলো মন্ত্ৰী- বিধায়কক বৰ্জন কৰিবলৈ ৰাইজক আহ্বান জনাই কয়- আমি কোনো দলৰ সমৰ্থনত এই আহ্বান জনোৱা নাই । আমাৰ দৰে দুৰৱস্থা ভৱিষ্যত যাতে অসমবাসীৰ নহয়, সেই স্বাৰ্থতহে এই আহ্বান জনাইছোঁ । বিজেপি যদি পুনৰ শাসনত আহে তেন্তে অসমৰ সকলো সম্পত্তিয়ে বিক্ৰী হৈ যাব । বিজেপি চৰকাৰৰ এনে প্ৰতাৰণাৰ বাবে দুয়োটা কাগজ কলৰ কৰ্মীসকলে আগন্তুক সময়ত ৰাষ্ট্ৰসংঘ আৰু আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাৰ ওপৰতো চৰকাৰখনৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পদক্ষেপ সংগঠনটোৱে গ্ৰহণ কৰিব বুলি সংবাদমেল খনত ঘোষণা কৰে ।