Website Design: dastechnologies.in
অৱশেষত বাঘজান কাণ্ডৰ তদন্তৰ বাবে গঠন হ’ল উচ্চস্তৰীয় কমিটি। বাঘজানৰ তৈলখাদৰ বিস্ফোৰণৰ তদন্তৰ বাবে উচ্চস্তৰীয় কমিটি গঠন কৰি দিছে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰ্যালয়ে।
৩ জনীয়া এই তদন্ত কমিটিত অন্তৰ্ভূক্ত ভাৰতীয় হাইড্ৰ’কাৰ্বনৰ সঞ্চালক প্ৰধান এছ চি এল দাস, অ’এন জি চিৰ প্ৰাক্তন অধ্যক্ষ বি চি বৰা আৰু অ’ এন জি চিৰ প্ৰাক্তন সঞ্চালক টি কে সেনগুপ্তা। এই তিনিজনীয়া কমিটিয়ে দাখিল কৰিব লাগিব এতিয়াও বিভীষিকা অব্যাহত ৰখা বাঘজান কাণ্ডৰ তদন্তৰ প্ৰতিবেদন।