Local, Vocal, Global

বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ সময়ত ৫ বছৰীয়া শিশু গৰম দাইলৰ পাত্ৰত পৰি গুৰুতৰভাৱে দগ্ধ

ডিজিটেল ডেস্ক:- সোমবাৰে মধ্য প্ৰদেশৰ বানছলাৰ এখন প্ৰাথমিক বিদ্যালয়ত শোকাৱহ ঘটনা সংঘটিত হয়। গৰম দাইল ভৰ্তি বাচনত পৰি এজন পাঁচ বছৰীয়া শিশু গুৰুতৰভাৱে আঘাট প্ৰাপ্ত।

জানিব পৰা মতে বানছলাৰ এখন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক দৈনিক আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল।তেজস্বৰী তাণ্ডিয়া বুলি চিনাক্ত কৰা ভুক্তভোগী গৰাকীয়ে তাইৰ সহপাঠীসকলৰ সৈতে মধ্যাহ্ন ভোজনৰ বাবে শাৰীত থিয় হৈ অপেক্ষা কৰি আছিল তেতিয়াই শিশুসকলৰ মাজত বিশৃংখলতা আৰম্ভ হয়, আৰু শিশুসকলে ইজনে সিজনক ঠেলা-ঠেলি কৰিবলৈ আৰম্ভ কৰিছিল। হঠাতে সৰু ছোৱালী এজনী গৰম দাইল ভৰ্তি পাত্ৰটোত ঠেলি দিয়া হয় আৰু ছোৱালী জনীৰ শৰীৰত ৩০ শতাংশ জ্বলি যায়।

শিশুটিক চিকিৎসাৰ বাবে ভানু প্ৰতাপপুৰৰ ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পাছত জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় আৰু বৰ্তমান শিশুটিয়ে চিকিৎসা গ্ৰহণ কৰি আছে।

প্ৰতিবেদনত প্ৰকাশ কৰা মতে , বিদ্যালয়ৰ বিষয়াসকলে খাদ্য পৰিৱেশন কৰাৰ সময়ত শিক্ষাৰ্থীসকলক বহি থকাটো নিশ্চিত নকৰি মধ্যাহ্ন ভোজন আঁচনিৰ প্ৰটোকল উলংঘা কৰিছে।সংশ্লিষ্ট বিষয়াসকলক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল, আৰু বিষয়টোৰ তদন্ত কৰিবলৈ আৰু এই শোকাৱহ ঘটনাৰ বাবে দায়ী হোৱা লোকসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই। উক্ত ঘটনাটোৱে অভিভাৱক আৰু স্থানীয় লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ।

ভানু প্ৰতাপপুৰৰ উপ-বিভাগীয় দণ্ডাধীশ প্ৰতীক জৈনে কয় যে বিদ্যালয়ৰ বিষয়াসকলৰ দ্বাৰা হোৱা ঘোৰ অৱহেলাৰ তদন্তৰ বাবে এটা দল গঠন কৰা হৈছে।”আমি সংশ্লিষ্ট শিক্ষকসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছো আৰু তেওঁলোকক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। আমি নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছো যে এনে ঘটনা পুনৰ নঘটে যেন।
তদুপৰি, মধ্যপ্ৰদেশ চৰকাৰে বিদ্যালয়ত মধ্যাহ্ন ভোজন প্ৰাপ্ত কৰা শিক্ষাৰ্থীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি দিছে।