Local, Vocal, Global

প্ৰৱাসী শ্ৰমিকৰ ‘ঘৰ ৱাপছি’, ১৫ দিনৰ সময় সীমা সৰ্বোচ্চ ন্যায়ালয়ৰ

লকডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত বা প্ৰবাসী শ্ৰমিক মজদূৰ সকলক নিজ নিজ ৰাজ্যলৈ ওভোটাই অনাৰ বাবে ৰাজ্য চৰকাৰ সমূহৰ প্ৰতি ১৫ দিনৰ সময়সীমা ধাৰ্য কৰি দিছে দেশৰ উচ্চতম ন্যায়ালয়ে। এই সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰে শুনানী। ৰাজ্য সমূহে এই শ্ৰমিক সকলৰ ৰোজগাৰ আৰু অন্যান্য সাহায্যৰ বাবে কি ব্যৱস্থা কৰিছে সেই বিষয়ে সবিশেষ ৰাজহুৱা ৰূপত বিচাৰিব ন্যায়ালয়ে। প্ৰৱাসী শ্ৰমিক সকলৰ পঞ্জীয়ন বাধ্যতামূলক হ’ব লাগিব বুলিও কয় দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে। এই শুনানী কালতে দেশৰ চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই সদৰী কৰা তথ্য – এই পৰ্যন্ত প্ৰায় ১ কোটি প্ৰব্ৰজিত শ্ৰমিক উভতিছে নিজ নিজ ঘৰলৈ। পথ পৰিবহন ব্যৱস্থাৰে ৪১ লাখ আৰু ৰেলেৰে ৫৭ লাখ শ্ৰমিকক ঘূৰাই অনা হৈছে ঘৰলৈ। বিচাৰ পীঠৰ আগত মেহতাই সদৰী কৰা মতে বেছিভাগ ৰেলত ঘৰ মুখী হোৱা বিহাৰ আৰু উঃ প্ৰদেশৰ শ্ৰমিকৰ সংখ্যাই সৰ্বাধিক।