Local, Vocal, Global

প্ৰধানমন্ত্ৰীয়ে নিদিলে, কংগ্ৰেছীয়ে সাঁতুৰিলে সাগৰত

আৰৱ সাগৰৰ পৰা গুজৰাটত প্ৰৱেশ অংশত এখন দলং নিৰ্মাণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিব পৰা নাই নৰেন্দ্ৰ মোদীৰ চৰকাৰে। আমৰেলী জিলাৰ ৰাজুলাৰ কংগ্ৰেছৰ বিধায়ক অম্বৰীশ ডেৰে বিজেপি চৰকাৰক বাৰে বাৰে এখন দলং নিৰ্মাণৰ আবেদন জনাই ব্যৰ্থ হয়। ইয়াৰ প্ৰতিবাদত সাঁতুৰি বিধায়ক অম্বৰীশ ডেৰে প্ৰতিবাদ জনায়৷

ৰাজুলাৰ উপকূলীয় অঞ্চলৰ পোৰ্ট ভিক্টৰ আৰু চাঞ্চ বন্দৰৰ মাজত বৈ যোৱা অংশত ৩৫০ মিটাৰ দৈৰ্ঘ্যৰ দলং নিৰ্মাণ কৰিলে অঞ্চলটোৰ বাসিন্দাসকলে প্ৰায় ২৫ কিলোমিটাৰ ভ্ৰমণ কৰিব নালাগিব। বিধায়ক অম্বৰীশ ডেৰে কয় যে বিভিন্ন সময়ত মই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক স্থানীয় লোকসকলৰ স্বাৰ্থত দলংখন নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছো। মই বিধানসভাৰ অধিৱেশনতো কথা পাতিছিলো। কিন্তু কোনো সঁহাৰি পোৱা নাই। গতিকে মই আজি পানীলৈ নামিবলৈ বাধ্য হৈছো।

সৌৰাষ্ট্ৰ অঞ্চলৰ এজন জনপ্ৰিয় কংগ্ৰেছ নেতা অম্বৰীশে দাবী কৰে যে উপকূলীয় অঞ্চলটোত মুখ্যতঃ দৰিদ্ৰ, পিছপৰা কলি সম্প্ৰদায়ে বাস কৰে। তেওঁলোক কংগ্ৰেছৰ সমৰ্থক। সেয়েহে, বছৰ বছৰ ধৰি শাসনত থকা স্বত্বেও, বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে ৫০ কোটি টকা ব্যয়েৰে এখন দলং নিৰ্মাণ নকৰিলে। দলংখন নিৰ্মাণৰ বাবে বাজেটত এটা পইচাও আৱণ্টন কৰা হোৱা নাই। প্ৰথমবাৰৰ বাবে অম্বৰীশে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছিল। তেওঁক এই নিৰ্বাচনত কংগ্ৰেছেও প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।