Local, Vocal, Global

খালৈগাঁৱৰ বেবী ফুটবল লীগৰ সামৰণি

নগাঁও জিলাৰ খালৈগাঁৱত যোৱা ১৪ নবেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা বেবী ফুটবল লীগৰ আজি সামৰণি পৰে । খালৈগাঁও ফুটবল ক’চিং চেণ্টাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা বেবী ফুটবল লীগত নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ ১৮ টাকৈ দলে অংশগ্ৰহণ কৰে । খালৈগাঁও আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত ছয় বছৰৰ অনুৰ্ধ,তেৰ বছৰৰ অনুৰ্ধ আৰু ১৫ বছৰৰ অনুৰ্ধ মুঠ তিনিটা শাখাত অনুষ্ঠিত হোৱা বেবী ফুটবল লীগৰ সামৰণিৰ উপলক্ষ্যে মুঠ তিনিখনকৈ খেল অনুষ্ঠিত হয় ।

চূড়ান্ত খেল তিনিখনৰ ফলাফল অনুসৰি পোন্ধৰ বছৰৰ অনুৰ্ধৰ শাখাত খালৈগাঁও ফুটবল ক’চিং চেণ্টাৰে দলংঘাট ফুটবল ক’চিং চেণ্টাৰক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে । ইপিনে তেৰ বছৰৰ অনুৰ্ধৰ শাখাত খালৈগাঁও ফুটবল ক’চিং চেণ্টাৰে কুশতলী ফুটবল ক’চিং চেণ্টাৰক ৪-১ গ’লত পৰাস্ত কৰাৰ বিপৰীতে ছয় বছৰৰ অনুৰ্ধৰ চূড়ান্ত খেলখন নিৰ্দ্ধাৰিত সময়লৈকে গ’লশূন্যভাৱে সমাপ্ত হোৱাত খেলুৱৈসকল অপৈণত বয়সৰ হোৱাৰ হেতুকে সহানুভূতিৰ দৃষ্টিৰে দুয়োটা দলকেই যুগ্ম বিজয়ী হিচাপে ঘোষণা কৰা হয় ।

চূড়ান্ত খেলত প্ৰতিদ্বন্দিতা কৰা ছয় বছৰৰ অনুৰ্ধৰ এই দল দুটা আছিল খালৈগাঁও ফুটবল ক’চিং চেণ্টাৰ আৰু কুশতলী ক’চিং চেণ্টাৰ । চূড়ান্ত খেল তিনিখনত ৰেফাৰীৰ দায়িত্ব পালন কৰে ক্ৰমে সঞ্জীৱ ডেকা ৰজা,বিকাশ ৰাজকুমাৰ,অতুল বৰদলৈ,ডিবাকৰ ডেকা আৰু ৰাতুল নাথ । নগাঁও ক্ৰীড়া সংস্থাৰ বাস্কেটবল শাখাৰ সম্পাদক অমিতাভ বৰাই উদ্ধোধন কৰা বেবী ফুটবল লীগৰ চূড়ান্ত খেল তিনিখন মধ্য অসমৰ পাঁচ শতাধিক ফুটবল অনুৰাগীয়ে উপভোগ কৰি শিশুসকলক উৎসাহ প্ৰদান কৰে । উল্লেখ্য যে, এই বেবী ফুটবল লীগত কলিয়াবৰ ফুটবল ক’চিং চেণ্টাৰে শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ খিতাপ অৰ্জন কৰে ।