পবিতৰাত তোলা এখন ফটোৰ বাবে পুৰস্কৃত হল গুৱাহাটীৰ শ্ৰীজিত

গুৱাহাটীৰ এজন প্ৰতিভাৱন যুৱ ফটোগ্ৰাফাৰ শ্ৰীজিত বৰঠাকুৰ।শ্ৰীজিতে এখন ফটোৰ বাবে ছ’নী ৱৰ্ল্ড ফটোগ্ৰাফী অৰ্গেনাইজেছনৰ এটা সন্মানীয় বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে বঁটা লাভ কৰা শ্ৰীজিতৰ ফটোখন,বিশ্বৰ ৫০ খন দেশৰ ১,৬৫০০০ ফটোৰ মাজত ভাৰতীয় ফটোগ্ৰাফাৰৰ ভিতৰত শ্ৰেষ্ঠ ফটোগ্ৰাফাৰ হিচাপে নিৰ্বাচিত হৈছে।বঁটাৰ বাবে নিৰ্বাচিত হোৱা ফটোখন শ্ৰীজিতে যোৱা ডিচেম্বৰ মাহত তোলা পবিতৰা অভয়াৰণ্যৰ এটা বনৰীয়া ম’হৰ এখন সুন্দৰ ফটো আছিল।