অব্যাহত থাকিব কৃষকৰ প্ৰতিবাদ! ১০০ দিনীয়া প্ৰতিবাদ স্থলীৰ পৰা কৃষকৰ হুংকাৰ

চৰকাৰে জাৰি কৰা তিনিটা কৃষি আইনৰ তীব্ৰ বিৰোধীতা কৰি কৃষকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ। দিল্লীৰ সীমাত চলা কৃষকৰ প্ৰতিবাদে সম্পূৰ্ণ কৰিলে ১০০ দিন। কৃষি আইন বিৰোধী প্ৰতিবাদ সম্পৰ্কে কৃষক নেতা ৰাকেশ টিকাইতে কয় যেঃ যেতিয়ালৈকে কৃষি আইন উঠাই লোৱা নহয় তেতিয়ালৈ কৃষকসকলৰ এই বিদ্ৰোহ অব্যাহত থাকিব ।