Local, Vocal, Global

নুমলীগড়ৰ ফলঙনি কুৰ্মীবস্তীত এজনৰ দেহত Covid-19 পজিটিভ

162

নুমলীগড়ৰ কাষৰীয়া ফলঙনি কুৰ্মীবস্তীত এজনৰ দেহত Covid-19 পজিটিভ।  লোকজন কেইবাজনো লোকৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ । হোম কোৱাৰেণ্টাইন অৱস্থাত আছিল গহীন কুৰ্মী নামৰ লোকজন। লোকজন তামিলনাডুৰ পৰা ২৬ মে’ তাৰিখে পত্নীসহ আহিছিল। তিনিদিন গোলাঘাট নগৰত কোৱাৰেণ্টাইন অৱস্থাত আছিল পত্নীসহ। গোলাঘাটৰ পৰা লোকজন এখন ই-ৰিক্সাৰে ৰঙাজানলৈ আহিছিল আৰু নিজ বাসগৃহলৈ এখন কেঁচা চাহপাত কঢ়িওৱা বলেৰ’ বাহনত আহিছিল। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত এক চাঞ্চল্যই বিৰাজ কৰিছে।