Website Design: dastechnologies.in
নুমলীগড়ৰ চাহ বাগিচাৰ বৰমহৰী পথাৰত বন্যহস্তীৰ ত্ৰাস । পাত চিঙিবলৈ অহা মহিলা শ্ৰমিকলৈ চোচা বন্যহস্তীৰ। নুমলীগড়ৰ চাহ বাগিচাৰ বৰমহৰী পথাৰ লাইনত পোৱালীসহ এটা বন্যহস্তীৰ জাকে অতৰ্কিতে প্ৰৱেশ কৰে বাগানৰ লাইনত।যাৰ ফলত বাগানত পাত চিঙিবলৈ যোৱা মহিলা শ্ৰমিকৰ মাজত লাগে হাহাকাৰ।হাতীৰ জাকটোৱে পাত চিঙিবলৈ অহা মহিলা শ্ৰমিকলৈ লয় চোচা। কথমপি পলায়ন কৰি প্ৰাণ ৰক্ষা কৰে শ্ৰমিকসকলে ।বৰ্তমানেও চাহ বাগিচা খনত বিচৰণ কৰি হাতীৰ বৃহৎ জাকটোৱে।যাৰ ফলত আতংকিত হৈ আছে বাগিচাৰ শ্ৰমিকসকল । এনেদৰে এতিয়া দিন দুপৰতে অব্যাহত আছে বন্যহস্তীৰ আতংক ।