Local, Vocal, Global

নলবাৰীত প্ৰধানমন্ত্ৰী-পেট্ৰলিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ

পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মুল্যবৃদ্ধিৰ সমান্তৰালকৈ অত্যাৱশ্যকীয় সকলো সামগ্ৰীৰ মুল্যবৃদ্ধিয়ে খাটি খোৱা জনগণৰ পৰা সৰ্বস্তৰৰ নাগৰিকৰ জীৱন ধাৰনত হেঙাৰ হিচাপে থিয় দিয়াৰ প্ৰতি লক্ষ্য ৰাখি যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে আজি নলবাৰী চহৰৰ এন টি ৰোডত প্ৰধানমন্ত্ৰী আৰু পেট্ৰলিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে ।প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গ’ বেক , পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান গ’ বেক, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল গ’ বেক , যোগান মন্ত্ৰী ফনীভূষন চৌধুৰী গ’ বেক ধ্বনিৰে উত্তাল কৰে নলবাৰী চহৰৰ ৰাজপথ।প্ৰতিবাদকাৰী সকলে শীঘ্ৰেই পেট্ৰল,ডিজেল আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মুল্য হ্ৰাস কৰাৰো দাবী জনাই ।