Local, Vocal, Global

নতুন পেন্সন নীতি বাতিলৰ দাবীত ৰে’লৱেৰ বিষয়া-কৰ্মচাৰীৰ প্ৰতিবাদ

নিউজ ডেস্ক: নতুন পেন্সন নীতি বাতিল কৰাৰ দাবীত জাগীৰোডত ৰে’লৱেৰ বিষয়া-কৰ্মচাৰী প্ৰতিবাদ সাব্যস্ত কৰে৷ জাগীৰোডত আজি উত্তৰ-পূৰ্বাঞ্চল সীমান্ত ৰে’লৱেৰ মজদুৰ ইউনিয়নৰ উদ্যোগত অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৰে’লৱেৰ বিষয়া-কৰ্মচাৰী৷ বুধবাৰে জাগীৰোড ৰেলৱে ষ্টেচনত অনশন কাৰ্যসূচী ৰূপায়ন কৰি নতুন পেন্সন নীতি বাতিল, ভাৰতীয় ৰেʼল বিভাগক ব্যক্তিগতকৰণ কৰা নীতি বন্ধ কৰা, ৰে’ল বিভাগৰ খালি পদত নিযুক্তি দিয়াৰ দাবীত জাগীৰোডৰ ৰে’ল ষ্টেচনত অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৰে’লৱেৰ বিষয়া-কৰ্মচাৰীয়ে। দাবী সমূহ চৰকাৰে কাৰ্যকৰী নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ইউনিয়নৰ বিষয়-ববীয়াসকলে।