Local, Vocal, Global

দৰঙত মুকলি হৈছে বজাৰ , উভতি আহিছে স্বাভাৱিক পৰিস্থিতি

152

কৰ’নাৰ সংক্ৰমণ কেতিয়াকৈ প্ৰতিৰোধ কৰিব পৰা যাব তাৰ কোনো নিশ্চয়তা নাই। ভেকচিন এতিয়াও পৰীক্ষাগাৰত। কিন্তু লক ডাউন বৃদ্ধি কৰি থকাটোও এই সময়ত সহজ  আৰু সম্ভৱ হৈ ৰোৱাগৈ নাই। দীৰ্ঘ লক ডাউনে ভাঙি পেলাইছে অৰ্থনীতি। অতিকে শোচনীয় গ্ৰাম্য অৰ্থনীতিৰ অৱস্থা। গতিকে মফচলীয়া আৰু গ্ৰামাঞ্চলৰ বজাৰবোৰ মুকলি নকৰিলে নচলে । তাৰেই প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ভিতৰত কৰে’নাই কম প্ৰভাৱ পেলোৱা দৰং জিলাত   হাট- বজাৰ আদি মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে প্ৰশাসনে। স্বাভাৱিকতেই ইয়াৰ মাজতো থাকিব কৰ’না কালীন বাধ্য বাধকতা। অসম চৰকাৰৰ মুখ্য সচিবৰ নিৰ্দেশ ( নিৰ্দেশ নং – এ এম এছ ডি ২৪/২০২০ ) মৰ্মে দৰং জিলা পৰিষদৰ অধীনস্থ হাট -বজাৰ সমূহ মুকলি কৰাৰ অনুমতি দিছে প্ৰশাসনে। সেই অনুমতিৰ পিছতেই আজি অৰ্থাৎ ১০ জুনৰ পৰা মুকলি কৰা হৈছে বজাৰ সমূহ। দৰং জিলা পৰিষদৰ অধীনস্থ বজাৰ সমূহৰ ভিতৰত এখন বৃহৎ বজাৰ হৈছে আউলাচৌকাৰ বাংলাঘৰ গৰু বজাৰ। দৈনিক কেইবা লাখ টকাৰ ব্যৱসায় হয় এইখন বজাৰত। আজি বজাৰখন মুকলি হোৱাৰ লগে লগে পুনৰ শতাধিক ক্রেতা- বিক্ৰেতাৰ সমাগম ঘটিছে এই বজাৰত।