Local, Vocal, Global

দেবাংগনাৰ বিপদ

*দিল্লী হিংসাৰ মুখ্য অভিযুক্ত হিচাপে চিহ্নিত হল দেবাংগনা কলিতা; মুঠ ১২ জনৰ নাম উল্লেখ পুলিচৰ চার্জছীটত*

*কালি দিল্লীৰ এখন আদালতত দিল্লী আৰক্ষীয়ে ১২ জন মুখ্য অভিযুক্তৰ নাম সন্নিবিষ্ট কৰি দাখিল কৰিলে চার্জছীট*

দিল্লী আৰক্ষীয়ে জফৰাবাদৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ মূল অভিযুক্ত হিচাপে চিহ্নিত কৰিছে জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী অসমৰ দেবাংগনা কলিতাক । দেবাংগনা সহ ১২ জন লোকৰ নাম সন্নিবিষ্ট কৰি দিল্লী আৰক্ষীয়ে আজি কৰকৰদুমা আদালতত দাখিল কৰে চার্জছীট ।
দিল্লী আৰক্ষীৰ মতে জাফৰাবাদ মেট্ৰ’ ষ্টেচনৰ সমীপত যি সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল সেই সংঘর্ষৰ সূত্ৰপাত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল গৱেষক ছাত্ৰী গৰাকীয়ে । ১২ জন মুখ্য অভিযুক্তৰ ভিতৰত উমৰ খালিদৰ নামো অন্তৰ্ভুক্ত কৰিছে দিল্লী আৰক্ষীয়ে । এটা হোৱাটছ এপ গ্রুপৰ কথা বাৰ্তাৰ পৰা দেবাংগনা আৰু আন ১১ গৰাকী সংঘর্ষৰে জড়িত থকাৰ বিষয়ে দিল্লী আৰক্ষী অৱগত হৈছিল বুলি জানিব পৰা গৈছে ।