Local, Vocal, Global

সংৰক্ষণ কৰা হ’ব গুৱাহাটীৰ জলাশয়

মহানগৰীৰ জলাশয় সমূহৰ সংৰক্ষণ, সৌন্দৰ্য বৰ্দ্ধন আৰু অট্টালিকা নিৰ্মাণৰ অনুমতি প্ৰদান কাৰ্যকৰী কৰাৰ বাবে তৎপৰ হৈ উঠিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। এই সন্দৰ্ভত আজি গুৱাহাটী পৌৰ নিগমক এলানি নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। সমগ্ৰ বিষয় বস্তু সামৰি গুৱাহাটী পৌৰ নিগমৰ মুখ্য কাৰ্যালয়ত এক বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী সোনোৱালে।বৈঠকত মুখ্য মন্ত্ৰীয়ে চলিত বছৰৰ ভিতৰতে মহানগৰীৰ পানী যোগান আঁচনি কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। তদুপৰি গৃহ নিৰ্মাণৰ অনুমতিৰ ক্ষেত্ৰত যাতে বিলম্ব নহয় তাৰ বাবেও নিৰ্দেশ দিয়ে জি এম চি আৰু জি এম ডি এক। গোটা আবর্জনাৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিশদ আলোচনা হয় এই বৈঠকত। জলাশয় সমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্দ্ধন আঁচনিৰ বাবে মহানগৰীৰ জলাশয় সমূহৰ মানচিত্ৰ নতুনকৈ নিৰ্ধাৰণ কৰাৰো নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সোনোৱালে। বৈঠকত মুখ্যমন্ত্ৰীৰ উপদেষ্টা সকলৰ লগতে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যও উপস্থিত আছিল।