Local, Vocal, Global

ঢকুৱাখানাত কৃষিকৰ্মৰে স্বাৱলম্বী এজন যুৱকৰ কাহিনী

123

ঢকুৱাখনাৰ টাউন তিনিআলিৰ এজন সহজ-সৰল যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাইছে ৭ বিঘা মাটিত গোমধান।
আলু, ৰঙালাউৰ লগতে বাদাম খেতি। স্নাতক ডিগ্ৰীধাৰী  যুৱকজনে এইসমূহ ৰবিশস্যৰ খেতি কৰাৰ উপৰিও সেই স্থানত কোনো ধৰণৰ ৰাসায়ণিক দৰৱ প্ৰয়োগ নকৰাকৈ বন্ধাকবি, ভেন্দি, জলকীয়া আদি বিভিন্ন কৃষি কৰ্মৰে স্ব-নিৰ্ভৰশীলতাৰ আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে ৷ স্নাতক ডিগ্ৰীধাৰী অপূৰ্বই পৰিকল্পিতভাৱে এই কৃষি-কৰ্মৰ যোগেদি কৰ্মনিষ্ঠা, মনোবল আৰু শ্ৰমবিমুখ নহৈ বছৰেকত ৮ লাখৰ পৰা ১০ লাখলৈকে টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ চৰকাৰী কোনো ধৰণৰ আঁচনিলৈ বাট নাচাই যুৱকজনে দৈনিক অব্যাহত ৰাখিছে এই কৃষিকৰ্ম ৷ এতিয়া কেৱল কথাৰে নহয়, কামেৰে  তীৰ্থ নাথ বৰুৱাৰ পুত্ৰ অপূৰ্বজ্যোতি বৰুৱাই পৰিচয় দাঙি ধৰি এতিয়া সমাজৰ হাজাৰজন নিবনুৱাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।