Local, Vocal, Global

টিক্ টক্ নিষিদ্ধ , চাইবাৰ যুঁজৰ আশংকাত ৫২টা চীনা এপ্ বৰ্জনৰ নিৰ্দেশ

উত্তৰ প্ৰদেশৰ স্পেছিয়েল টাস্ক ফ’ৰ্চ- এ এক বিশেষ জাননী জাৰি কৰি তেওঁলোকৰ সকলো কৰ্মচাৰীক নিজ নিজ ম’বাইল ফোনৰ পৰা চাইনীজ এপ্ সমূহ আন-ইনষ্ট’ল কৰাৰ বাবে নিৰ্দেশ দিছে। এছটিএফৰ আভ্যন্তৰীণ এক পত্ৰযোগে জাৰি কৰা হৈছে এই নিৰ্দেশনা। বিভিন্ন লোকে ব্যৱহাৰ কৰি থকা মুঠ ৫২টা চাইনীজ এপ্ অনতিপলমে আন-ইনষ্টল কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে। কোৱা হৈছে ভাৰতীয় নাগৰিকৰ গেজেটত সক্ৰিয় হৈ থকা এই এপ্ সমূহৰ দ্বাৰা চীনে ভাৰত সম্পৰ্কীয় বিভিন্ন ডাটা চুৰি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এছটিএফৰ কৰ্মচাৰীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰতিও জাৰি কৰা হৈছে এই নিৰ্দেশনা। এছটিএফৰ আই জি অমিতাভ য়শ স্বাক্ষৰিত জাননীখনত এই বুলি উল্লেখ আছে যে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ গাইডলাইন অনুসৰিয়েই জাৰি কৰা হৈছে এই জাননী। এই এপ্বোৰৰ পৰাই ব্যক্তিগত আৰু অন্যান্য ডাটা চুৰি হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে।

জানিব পৰা মতে ভাৰতীয় চোৰাংচোৱা সংস্থাই এই ৫২টা চীনা এপৰ তালিকা দাখিল কৰিছে গৃহ মন্ত্ৰ্যালয়ৰ হাতত। যোৱা এপ্ৰিল মাহত প্ৰস্তুত কৰা হৈছিল এই তালিকা। এই তালিকাত আছে টিক্ টক্, জেণ্ডাৰ, য়ুচি ব্ৰাউজাৰ, জুম, ক্লীন মাষ্টাৰ আদিৰ দৰে ভাৰতত জনপ্ৰিয় এপ্।