Local, Vocal, Global

জীৱনৰ গ’ল প’ষ্টত হাৰি গ’ল দুৰ্লভ

বহু দুৰন্ত শ্বট গ’ল প’ষ্টৰ বাহিৰতে ওফৰাই দিছিল তেওঁ। ব্যৰ্থ কৰিছিল প্ৰতিদ্বন্দীৰ নিখুঁত ৰণকৌশল। সেইবাবেই তেওঁক গ’ল কীপাৰ ৰূপে পাবলৈ আগ্ৰহী আছিল বিভিন্ন দল, ক্লাব। কিন্তু কালি জীৱনৰ গ’লপ’ষ্টৰ আগত হাৰি গ’ল দুৰ্লভ।
বাঘজানৰ বিভীষিকাৰ মাজত জীৱন হেৰুওৱা অয়লৰ অগ্নি নিৰ্বাপক সেৱাৰ দুই কৰ্মচাৰীৰ অন্যতম দুৰ্লভ গগৈ আছিল এজন সুদক্ষ ফুটবল খেলুৱৈ। তেওঁ আছিল এজন নিৰ্ভৰযোগ্য গ’ল ৰক্ষক। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ গোলাঘাট কেন্দ্ৰত প্ৰশিক্ষণ লৈ গোলাঘাটৰ হৈ জিলা পৰ্য্যায়ত ফুটবল খেলিছিল দুৰ্লভে। গোলাঘাট চৰকাৰী বেজবৰুৱা স্কুল আৰু পিছত দেৱৰাজ ৰয় কলেজত অধ্যয়ন কৰা দুৰ্লভে আন্তঃ কলেজ ফুটবলত দেখুৱাইছিল বিশেষ পাৰদৰ্শিতা। সেই সময়তে তেওঁ অসম দলকো প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল। গোলাঘাট বেজবৰুৱা স্কুলৰ ১২৫ বছৰীয়া জয়ন্তীৰ কাৰ্যসূচীত অংশ লৈও তেওঁ অৱতীৰ্ণ হৈছিল প্ৰীতি ফুটবল খেলত। কিন্তু বাঘজানৰ বিভীষিকাৰ মাজত হেৰাই গ’ল এইজন প্ৰতিভাবান ফুটবলাৰ। দুৰ্লভৰ অকাল মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে অসমৰ ক্ৰীড়া ক্ষেত্ৰত ।