Local, Vocal, Global

চৰাইদেউত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

সমগ্ৰ বিশ্বৰ লগতে চৰাইদেউ জিলাতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সোণাৰি আৱৰ্ত্ত ভৱন চৌহদত আজি পালন কৰা হয়।চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু চৰাইদেউ জিলা পতঞ্জলি যোগ সমিতিৰ সহযোগত অনুষ্ঠিত কৰা এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশ গ্ৰহণ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি বিধানসভা সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ আৰু চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই। বন্তি প্ৰজ্বলনেৰে আৰম্ভণি হোৱা আজিৰ অনুষ্ঠানৰ দ্বীপমন্ত্ৰ পাঠ কৰে শিল্পী ৰূপা মিলিয়ে। অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি সাংসদ তপন কুমাৰ গগৈয়ে নিয়মীয়া যোগাভ্যাসৰ জৰিয়তে সুস্থ-সৱল স্বাস্থ্য লাভ কৰা আৰু কেনেকৈ সুন্দৰ মনৰ অধিকাৰী হ’ব পাৰি তাৰ সন্দৰ্ভত বক্তব্য আগবঢ়োৱাৰ লগতে নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলক যোগাভ্যাস কৰিবলৈ আহ্বান জনায়। পুৱা ৭ বজাৰ পৰা যোগাভ্যাস আৰম্ভ কৰা হয় আৰু উপস্থিত সকলোৱে যোগ অনুশীলনত অংশগ্ৰহণ কৰে ।