Local, Vocal, Global

ভ্ৰাম্যমাণ থিয়েটাৰক লৈ দুখ কিয় পাঠশালাবাসীৰ?

১৯৬৩ চনৰ ২ অক্টোৱৰত অচ্যুত লহকৰৰ নেতৃত্বত পাঠশালাত জন্ম পোৱা ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগ আজি অসমীয়া সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ । কিন্তু সাম্প্ৰতিক পৰিস্থিতিত ভ্ৰাম্যমাণ থিয়েটাৰ সন্দৰ্ভত সৃষ্টি হৈছে প্ৰশ্নবোধক চিহ্ন । কি হ’ব এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ ভৱিষ্যত, তাৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰাণভিক্ষা বিচাৰি পাঠশালাবাসীৰ লগতে বৰেণ্য ব্যক্তিয়ে চৰকাৰী সদিচ্ছাৰ পোষকতা কৰিছে। অসমৰ সবাটোকৈ জনপ্ৰিয় গণ মাধ্যম ভ্ৰাম্যমাণ থিয়েটাৰ সাম্প্ৰতিক পৰিস্থিতিৰ পাকচক্ৰত সংকটৰ গৰাহত । লকডাউন আৰু কৰ’না মহামাৰীৰ গতিত বহু শিল্পীয়ে এতিয়া আনৰ দয়াৰ পাত্ৰ হৈ সাহায্যৰ বাবে হাত পাতিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ।

এনে ক্ষণত ভ্ৰাম্যমান থিয়েটাৰৰ জন্মকালৰ শিল্পী তথা আৱাহন থিয়েটাৰৰ মুখ্য প্ৰযোজক কৃষ্ণ ৰয় আজি আবেগিক৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ এনে দুৰ্যোগৰ সময়ত  মানৱ কল্যাণৰ বাবে কৰ’নাৰ বিৰুদ্ধে নীতি-নিয়ম মানি যুজ দিবই লাগিব৷ কিন্তু তাৰ মাজতে বৃহৎ উদ্যোগ জীয়াই ৰখাৰ স্বাৰ্থত কিবা এটা কৰিব লাগিব যাৰ বাবে প্ৰয়োজন চৰকাৰী সদিচ্ছাৰ। স্বাভাৱিকতে আজি ভ্ৰাম্যমাণ থিয়েটাৰৰ এনে দূৰ্যোগৰ সময়ত দুখ ব্যক্ত কৰিছে অচ্যুত লহকৰৰ পত্নী তথা জন্মলগ্নৰে শিল্পী কিৰণ লহকৰে। আনহাতে যি পাঠশালা বজাৰ কমিটীৰ আহ্বানত পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত নটৰাজ থিয়েটাৰে জন্ম পাইছিল, সেই বজাৰ কমিটীৰ বৰ্তমান সাধাৰণ সম্পাদকগৰাকীয়েও আশা ব্যক্ত কৰিছে  ভ্ৰাম্যমাণ থিয়েটাৰ জীয়াই থাকিবই লাগিব।