Local, Vocal, Global

চাপৰত অব্যাহত গৰু চোৰৰ সন্ত্ৰাস

চাপৰ,২৭মে’ : চাপৰত অব্যাহত গৰু চোৰৰ সন্ত্ৰাস ।গৰু চোৰে এতিয়া নিদ্ৰা হৰণ কৰিছে চাপৰৰ বিভিন্ন অঞ্চলৰ গঞাৰ। নিশা হ’লেই গোহালিৰ পৰা গৰু লৈ উধাও হয় চোৰ

এইবাৰ চোৰে চাফাই অভিযান চলালে চাপৰৰ মৌৱাটাৰী আৰু খৰিদাগোসাই এলেকাত । পুৱতি নিশা মৌৱাটাৰী আৰু খৰিদাগোসাই এলেকাত গোহালিৰ পৰা চুৰি কৰি নিলে দুটা গৰু

ৰাতিপুৱা গোহালিত গৰু নেদেখি হতবাগ হৈ পৰে গৃহস্থ । লগে লগে গৃহস্থই বিচাৰিবলৈ আৰম্ভ কৰে আৰু ধুবুৰী বঙাইগাঁও জিলাৰ সীমান্তবৰ্তী সুতিৰমুখ নামাপাৰাৰ আব্দুল মজিদ নামৰ ব্যক্তি জনৰ ঘৰত গো মাংস বিক্ৰী কৰাৰ খবৰ পায় ।ততাতৈয়াকৈ গৃহস্থই আব্দুল মজিদৰ ঘৰত উপস্হিত হৈ গৰুটোৰ মূৰ আৰু ভৰি দেখি নিজৰ গৰু বুলি চিহ্নিত কৰে ।কিন্তু উক্ত স্থানত গৃহস্থক উপস্থিত হোৱা দেখি মৌৱাটাৰী গাঁৱৰ সাজিত আলী ওৰফে চিকু নামৰ লোকজনে মূৰ আৰু ভৰি লৈ পলায়ন কৰে ।

আনফালে গৰুৰ গৰাকীয়ে আব্দুল মজিদৰ ঘৰত উপস্থিত হোৱাত পৰিয়ালৰ লোকে বিভিন্ন ভয় ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে । এই গৰু চোৰ চক্ৰৰ লগত সাজিত আলী ওৰফে চিকু আৰু ছালাম আলী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ভুক্তভোগীয়ে ।

উক্ত ঘটনা সন্ধৰ্ভত চাপৰ আৰক্ষী থানাত মৌৱাটাৰীৰ বাসিন্দা সাজিত আলী ওৰফে চিকু আৰু ছালাম আলী আৰু সুতিৰমুখ নামাপাৰাৰ আব্দুল মজিদৰ নামত এজাহাৰ দাখিল কৰে গৰুৰ গৰাকীয়ে

ঘটনা সন্ধৰ্ভত ইতিমধ্যে চাপৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক : Land centric clash : দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত