Website Design: dastechnologies.in
গোলাঘাটত চেম্বার্ছ অব কমাৰ্চ আৰু ইউনাইটেড চেম্বার্ছ অব কমাৰ্চৰ উদ্যোগত প্ৰশাসনৰ সহযোগত চেনিটাইজেচন কৰা হয়। গোলাঘাট নগৰৰ পৌৰ নিগমৰ বজাৰ এলেকাত চেম্বাৰ্ছ অব কমাৰ্চৰ উপস্থিতিত চেনিটাইজেচন কৰে গোলাঘাট অগ্নিনিৰ্বাপক বাহিনীয়ে। বজাৰৰ সকলো দোকান-পোহাৰ, ৰাস্তা-ঘাট চেনিটাইজেচন কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে। উল্লেখ্য যে গোলাঘাটত ক’ৰনা সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাত ক’ৰনা ৰোধৰ বাবে চেম্বাৰ্ছ অব কমাৰ্চ আৰু ইউনাইটেড চেম্বাৰ্ছ অব কমাৰ্চে গোলাঘাট নগৰত সোমবাৰৰ পৰা শনিবাৰলৈকে পুৱা ৯ বজাৰ পৰা ৬ বজালৈকে দোকান খোলাৰ সিদ্ধান্ত লয়। সপ্তাহৰ প্ৰত্যেক দেওবাৰৰ দিনটোত সকলো দোকান সম্পূৰ্ণৰূপে বন্ধ কৰি বজাৰত চেনিটাইজেচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।