Local, Vocal, Global

কৰ’নাৰ দৰৱ সঁচাই ওলালনে!

এটা খবৰে সকলোকে উৎসাহী কৰি তুলিছে৷ যিটো খবৰৰ বাবে বাট চাই আছে সমগ্ৰ বিশ্বই৷ কৰ’নাৰ এক ঔষধ ভাৰতৰ বজাৰলৈ আহিছে৷ স্বাভাৱিকতে কৰ’না বিধ্বস্ত ভাৰতৰ বাবে সুখবৰ এয়া৷ কিনো এই ঔষধ?

ঔষধটোৰ নাম Fabiflu৷ প্ৰস্তুত কৰি উলিয়াইছে দেশৰ অগ্ৰণী ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছে৷ Fabiflu ব্ৰেণ্ড নামেৰে বজাৰলৈ অহা দৰৱটোত ব্যৱহৃত মূল এণ্টিভাইৰেল ঔষধবিধৰ নাম ফেভিপিৰাভিৰ৷ এই ঔষধবিধ কম পৰিমাণে বা সামান্য অধিক ৰূপত কৰ’নাত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত ফলপ্ৰসু হ’ব বুলি প্ৰাথমিক পৰীক্ষাত প্ৰমাণিত হৈছে৷ কৰ’নাৰ ঔষধ হিচাপে ব্যৱহাৰৰ বাবে বাণিজ্যিক অনুমতি লাভ কৰা গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেল হ’ল দেশৰ প্ৰথম প্ৰতিষ্ঠান৷ ভাৰতীয় ঔষধ নিয়ন্ত্ৰক ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়া চমুকৈ DCGI-এ গ্লেনমাৰ্কক Fabifluৰ বিপণন আৰু উৎপাদনৰ অনুমতি দিয়াৰ পিছত শনিবাৰৰ পৰা বজাৰত উপলব্ধ হৈছে কৰ’নাৰ এই ঔষধ৷ অৱশ্যে আপুনি নিজেই গৈ ফাৰ্মাচিৰ পৰা এই ঔষধ ক্ৰয় কৰি ব্যৱহাৰ কৰিব নোৱাৰিব৷ লাগিব চিকিৎসকৰ নিদান পত্ৰ৷

কিমান দাম আৰু খাব লাগে কিদৰে?

Fabifluৰ এটা পেকত থাকে ৩৪টা টেবলেট৷ আৰু সেই পেকটোৰ দাম হৈছে ৩,৫০০ টকা৷ অৰ্থাৎ এটা টেবলেটৰ দাম ১০৩ টকা৷ ২০০ মিলিগ্ৰামৰ মাত্ৰাত থকা Fabiflu সেৱনৰ নিয়মো বিশেষ৷ সামান্য বা কিছু অধিক ৰূপত কৰ’নাত আক্ৰান্ত ৰোগীক প্ৰথমদিনা দুবাৰ খাবলৈ দিয়া হ’ব ২০০ মিলিগ্ৰামৰ ৯টাকৈ টেবলেট৷ অৰ্থাৎ প্ৰথমদিনা খাব লাগিব মুঠ ১৮টা টেবলেট৷ তাৰ পিছৰ ১৪ দিনলৈ দৈনিক দুবাৰ ২০০ মিলিগ্ৰামৰ ৪টাকৈ টেবলেট খাব লাগিব৷ অৰ্থাৎ প্ৰথমদিনা ১৮টা টেবলেট আৰু তাৰ পিছৰ ১৪ দিন ৮টাকৈ মুঠ ১১২টা টেবলেট খাব লাগিব৷ মুঠ ১৩০টা টেবলেট৷ এটাত ১০৩ টকাকৈ ১৩০টা টেবলেটৰ দাম হ’ব ১৩,৩৯০ টকা৷ প্ৰাথমিক পৰ্যায়ত ব্যক্তিগত আৰু চৰকাৰী চিকিৎসালয়ত এই ঔষধ উপলব্ধ হ’ব বুলি জনাইছে গ্লেনমাৰ্কে৷ কিন্তু আপোনাক আকৌ এবাৰ মনত পেলাই দিছো চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন মতেহে এই ঔষধ ব্যৱহাৰ কৰিব৷

গ্লেনমাৰ্কে এই ঔষধ DCGIৰ অনুমতি সাপেক্ষে দেশৰ ১১খন ঠাইৰ ৯০জন সাধাৰণভাৱে আক্ৰান্ত আৰু ৬০জন কিছু গুৰুতৰভাৱে আক্ৰান্ত ৰোগীৰ ওপৰত পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰিছিল৷ পৰীক্ষাত দেখা গ’ল শতকৰা ৮০জন ৰোগীৰ ক্ষেত্ৰত কামত আহিছে Fabiflu. অনুৰূপ ঔষধৰ উৎপাদন আৰু বিপণনৰ বাবে ভাৰতৰ বহু ঔষধ কোম্পানীয়ে অনুমতি বিচাৰিছে৷ সৰ্বপ্ৰথমে অনুমতি লাভ কৰি গ্লেনমাৰ্কে প্ৰথম মাহত ৮২,৫০০জন ৰোগীৰ বাবে দুটাকৈ ৩৪টা টেবলেটৰ পেক উপলব্ধ কৰোৱাৰ চেষ্টা চলাইছে৷

দেশত কৰ’নাত এইপৰ্যন্ত ১৩ হাজাৰৰ অধিক লোকৰ মৃত্যু ঘটিছে৷ ৪ লাখৰ অধিকৰ ধৰা পৰিছে ক’ভিড-১৯৷ শনিবাৰৰ দিনটোতে দেশত চিনাক্ত হৈছে ১৪,৫১৬জনকৈ আক্ৰান্ত৷ গতিকে গ্লেনমাৰ্কৰ দাবী Fabifluৰ উৎপাদন আৰু বিপণনৰ অনুমতিয়ে কৰ’নাৰ বিৰুদ্ধে চলা যুঁজখনক অধিক শক্তিশালী কৰিব৷

ক’ভিড-১৯ৰ বিৰুদ্ধে কিদৰে ক্ৰিয়া কৰে এই ঔষধে?

এই ঔষধ কোষৰ ভিতৰলৈ সোমাই ক’ভিড-১৯ ভাইৰাছৰ দ্ৰুত সংখ্যা বৃদ্ধিত বাধা প্ৰদান কৰি ভাইৰেল লোড হ্ৰাস কৰে৷ সঠিক সময়ত এই ঔষধ সেৱন কৰিলে অধিক ভাল ফলাফল দেখুৱায়৷ অৱশ্যে পলমকৈ সেৱন কৰিলে অন্য জটিলতাৰ সৃষ্টি হোৱাৰ আশংকা নথকা নহয়৷ সেয়েহে বিশেষজ্ঞসকলৰ মতে মহৌষধ নহ’লেও ক্ৰমৱৰ্ধমান ৰোগীৰ চিকিৎসাত ই কাৰ্যকৰী হ’ব৷ তদুপৰি মুখেৰে সেৱন কৰিবলগীয়া হোৱা বাবে ৰোগীক ঘৰতে ৰাখি চিকিৎসাত Fabiflu সুবিধাজনক হ’ব৷

ফেভিপিৰাভিৰ কোনো নতুন ঔষধ নহয়!

বাংলাদেশ আৰু আৰৱসহ কেইবাখনো দেশত ইতিমধ্যেই এই ঔষধ ক’ভিড-১৯ৰ চিকিৎসাত ব্যৱহাৰ হৈ আহিছে৷ Fabifluত গ্লেনমাৰ্কে ব্যৱহাৰ কৰা ফেভিপিৰাভিৰ এভিগেন নামেৰে বিক্ৰী হৈ আছে, যাৰ উৎপাদক হ’ল ফুজিফ্লিম ট’য়ামা কেমিকেল৷ জাপানত এই ঔষধ ২০১৪ চনৰে পৰা ইনফ্ল’য়েঞ্জাৰ চিকিৎসাত ব্যৱহাৰ হৈ আহিছে৷ ৰুছিয়া-জাপানত ক’ৰনাৰ চিকিৎসাতো এভিগেনৰ সীমিত ব্যৱহাৰ কৰা হৈছে৷ আমেৰিকা, কানাডা, ইটালী, চীন, ফ্ৰান্স আদি দেশত চলি আছে পৰীক্ষামূলক ব্যৱহাৰ৷ এণ্টিভাইৰেল ঔষধ হিচাপে কৰ’না ভাইৰাছৰ পৰা সৃষ্ট মহামাৰী কৰ’নাৰ চিকিৎসাত ব্যৱহাৰৰ বাবে গ্লেনমাৰ্কৰ Fabiflu-এ নিশ্চয়কৈ অৱদান আগবঢ়াব৷ কিন্তু মনত ৰাখিব Fabifluৰ দৰে ঔষধ বজাৰত উপলব্ধ হোৱা মানেই কৰ’নাৰ বিৰুদ্ধে যুদ্ধত জয় হোৱা নুবুজায়৷ এয়া মাত্ৰ কৰ’নাৰ বিৰুদ্ধে যুঁজৰ আন এক অস্ত্ৰহে, ব্ৰহ্মাস্ত্ৰ নহয়৷